অসম

শালনাত সুৰাৰ বাবেই মহিলাক হত্যা:দুজনক গ্ৰেপ্তাৰ

প্ৰথম খবৰ,পুৰণিগুদাম:নগাঁও জিলাৰ চামগুৰি আৰক্ষী থানাৰ অধীনৰ শালনা আৰক্ষী চকীৰ অন্তৰ্গত দুই নং হাচপানী গাঁৱত সংঘটিত এক হত্যাকাণ্ডই সৃষ্টি কৰিছে চাঞ্চল্য৷ হত্যাকাণ্ডৰ বলি হৈছে নীলা ৰাভা বৰ্মন (26) নামৰ এগৰাকী বোৱাৰী৷ আৰক্ষীয়ে হত্যাকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত যুগমায়া বৰ্মন আৰু নাৰায়ন ৰায় নামৰ এগৰাকী মহিলা আৰু এজন পুৰুষক গ্ৰেপ্তাৰ কৰিছে যদিও হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ বৰ্তমানলৈকে আৰক্ষীয়ে উলিয়াবলৈ সক্ষম হোৱা নাই৷ ঘটনা সন্দৰ্ভত স্থানীয় লোকৰ পৰা জানিব পৰা মতে,দুই নং হাচপানীগাঁৱৰ বাদল বৰ্মন নামৰ লোকজনৰ গৃহত  নিশা হত্যাকাণ্ডৰ বলি হোৱা নীলা ৰাভা বৰ্মনৰ স্বামী থুলে ৰাভা, নাৰায়ন ৰায় আৰু বাদল বৰ্মনে মদৰ পাৰ্টি কৰাৰ লগতে চুবুৰীয়া দুয়োঘৰে নিশাৰ আহাৰো গ্ৰহণ কৰে৷ পৰৱৰ্তী সময়ত নিশা কিবা বিষয়ক লৈ বাদল বৰ্মন আৰু যুগমায়া বৰ্মনৰ কাজিয়াৰ সূত্ৰপাট ঘটে আৰু বাদলে খঙৰ ভমকত পত্নীক কাটিবলৈ দা অনাত কাজিয়া বন্ধ হৈ পৰে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে৷ কিন্ত নিশাই নীলা ৰাভা বৰ্মনৰ ৰক্তাক্ত মৃতদেহ বাদলৰ চোতালৰ কাষৰ কুঁৱাৰ পাৰত উদ্ধাৰ হয়৷ আৰক্ষীয়ে সন্দেহ কৰা মতে, বাদল আৰু ঘৈনিয়েকে কাজিয়া লাগি থকা অৱস্থাত কিবা কাৰণত নীলাক মূৰত ঘপিয়াই বাদলে পলায়ন কৰে৷ ইতিপূৰ্বে বাদলে গাড়ী চুৰি চক্ৰৰ লগত জড়িত হৈ সাত বছৰ পলাতক হৈ থাকি হাচপানী গাঁঁৱৰ থুলে ৰাভাৰ ঘৰৰ কাষত মাটি কিনি বসবাস কৰি আছিল৷ ইফালে গ্ৰেপ্তাৰ হোৱা কুহুমতলীৰ নাৰায়ন ৰায় পেছাত মাছ বেপাৰী৷ স্থানীয় লোকে জনোৱা মতে,তেওঁলোকে প্ৰায়ে বাদলৰ ঘৰত চুলাই মদৰ পাৰ্টি কৰে৷ হত্যাকাণ্ডটো মদৰ বাবেই সংঘটিত হোৱা বুলি আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছে৷ অৱশ্যে কি কাৰণত বাদলে নীলাক হত্যা কৰিলে সেয়া বৰ্তমানেও ৰহস্যজনক হৈ আছে৷ বৰ্তমান হত্যাকাৰী পলাতক হৈ অাছে৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা যুগমায়া আৰু নাৰায়নক চামগুৰি থানাত 275/17 নম্বৰত এক গোচৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰা হৈছে৷ আৰক্ষীয়ে মৃতদেহটো মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰি বিয়লি পৰিয়ালক চমজাই দিয়ে৷

Related Articles

Leave a Reply

Close