অসম
সুখ্যাতিৰে উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে সেৱাবাহিনীৰ সেৱক-সেৱিকা

প্ৰথম খবৰ, খুমটাই : আজি উচ্চ আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত জিলা শাখাৰ সেৱাবাহিনীৰ সেৱক-সেৱিকা সকলে শুভেচ্ছা আৰু অভিনন্দন জনাইছে। উল্লেখ্য যে আজি হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পাছতেই বোকাখাত জিলা শাখাৰ সেৱাবাহিনীৰ বিষয়ববীয়া সকলৰ লগতে সেৱক-সেৱিকা সকলে সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰী সকলৰ ঘৰে ঘৰে গৈ ছাত্ৰ ছাত্ৰী সকলৰ লগত মত বিনিময় কৰা লগতে শুভেচ্ছা আৰু কৃতজ্ঞতা জনায়। সেৱাবাহিনীৰ এই পদক্ষেপক আদৰণি জনাইছে পিতৃ মাতৃ লগতে ছাত্ৰ-ছাত্ৰীসকল আৰু সচেতন ৰাইজে।