অসম

সোণালী সূতাৰে সোণালী সপোন ৫ যুৱকৰ

প্ৰথম খবৰ, মাজুলী: সোণালী সূতাৰ সন্ধানত ব্যস্ত হৈ পৰিছে মাজুলীৰ ৫জন যুৱকে। চৰকাৰী চাকৰি প্ৰতি হাবিয়াস নকৰি শিক্ষিত ৫ জন যুৱক বৰ্তমান ব্যস্ত সোণালী সূতাৰে জীৱন যুদ্ধত অৱতীৰ্ণ হোৱাত। মাজুলীৰ কমাৰগা৺ৱৰ কাকু শইকীয়া, বলিন কলিতা, উৎপল কলিতা আৰু দুজন যুৱক মিলি ৰাৱনাপাৰৰ চৰকাৰী এড়ি-মুগা ফাৰ্মৰ চোমনিডৰাত কৰিছে মুগাপালন। বৰ্তমান তেওঁলোকৰ এৰাব নোৱৰা ব্যস্ততা। পুৱাৰপৰা সন্ধ্যালৈ মুগা খাবলৈ অহা চৰাই খেদাত আৰু উৎপাদিত মুখা কটাত। অসমৰ পাট-মুগাৰ চাহিদা বাঢ়িছে। আন্তৰাষ্ট্ৰীয় বজাৰতো সমাদৃত হৈছে মুগা। এক কিলো মুগাৰ বৰ্তমান বজাৰ মুল্য ২৪-৩০ হাজাৰ টকা। ৫জন যুৱকৰ সপোন সকলো মিলি বিজ্ঞানসন্মতভাৱে লাগিলে সোণালী সূতাই দিব পাৰে সোণালী ভৱিষ্যত। মাজুলীত মুগা গাও৺ত মহিলাসকলে ঘৰে ঘৰেহে পালন কৰা দেখা যায়, তেনে স্থলত কাকুহঁতৰ এই পদক্ষেপ শলাগ ল’বলগীয়া। শিক্ষিত এই যুৱককেইজনক চৰকাৰে অনাগত দিনত যদি সহায় সহযোগ কৰে তেওঁলোক নিশ্চয় অধিক ক্ষিপ্ৰতাৰে আগবাঢ়ি যাব পাৰিব।

Related Articles

Leave a Reply

Close