অসম
হোজাইৰ চামৰালি বজাৰত জিলা প্ৰশাসনৰ উচ্ছেদ অভিযানত উত্তপ্ত পৰিস্থিতি

প্ৰথম খবৰ, ডবকা: হোজাই জিলাৰ চামৰআলি বজাৰত আজি জিলা প্ৰশাসনে উচ্ছেদ অভিযান চলাই। পুৱা ১০ বজাৰ পৰা অৰ্ধ শতাধিক দোকান পাঠ উচ্ছেদ কৰিলে হোজাই জিলা প্ৰশাসনে।জানিব পৰামতে গুৱাহাটী উচ্চ ন্যায়লয়ৰ নিৰ্দেশত হোজাই জিলা প্ৰশাসনে চলাইছে এই উচ্ছেদ অভিযান । উচ্ছেদক লৈ অঞ্চল জুৰি বিৰাজ কৰে এক চেপা উত্তেজনা। একাংশ ৰাইজে এই উচ্ছেদৰ সময়ত পক্ষপাতিত্বৰ অভিযোগ তুলি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে । অৱশ্যে হোজাই জিলাৰ অতিৰিক্ত উপায়ুক্ত অনিমেষ তালুকদাৰ আৰু আৰক্ষীৰ উচ্চ পৰ্যায়ৰ বিষয়ববীয়া সকলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ।