অসম

ৰঙিয়াত বজৰংগ দলৰ ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ

প্ৰথম খবৰ, ৰঙিয়া: ৰঙিয়া ধুলাবৰীত গা ধুই থকা মহিলা আৰু কিশোৰীক অশ্লীল ইঙ্গিত দিয়াৰ অভিযোগক কেন্দ্ৰ কৰি সংঘটিত এক সংঘৰ্ষৰ ফলত উভয় পক্ষৰ ৬ গৰাকী যুৱক আহত হৈছিল । সংঘৰ্ষত বজৰংগ দলৰ ৰঙিয়া প্ৰান্তৰ সংযোজক সঞ্জয় দাসো গুৰুতৰভাৱে আহত হয়। আহত অৱস্থাত দাসক জি এন আৰ চিত ভৰ্ত্তি কৰোৱা হয় । ইফালে মাৰপিটৰ ঘটনা সন্দৰ্ভত কাউৰবাহা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰাৰ পিছত চাৰিজন ব্যক্তিক আৰক্ষীয়ে ইতিমধ্যে আটক কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। কাউৰবাহা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে পক্ষপাতিত্ব মূলকভাৱে বাকীকেইজন অভিযুক্তক আটক নকৰাৰ অভিযোগ উত্থাপন কৰি আজি বজৰংগ দলে ৰঙিয়াৰ সোমাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে । দোষী ব্যক্তিক আটক কৰক, ধুলৱড়ী অঞ্চলৰ বেদখল কাৰী সকলক উচ্ছেদ কৰক আদি শ্ল’গানেৰে প্ৰতিবাদস্থলী কপাঁই তোলে । প্ৰায় দুঘন্টা সময় বজৰংগ দলৰ প্ৰায় তিনিশতাধিক কৰ্মকৰ্তাই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ পিছত পথচোৱা মুকলি কৰি দিয়ে।

Related Articles

Leave a Reply

Close