অসম

ৰহমৰীয়াত যুৱক সন্ধানহীন

প্ৰথম খবৰ, লাহোৱাল: ডিব্ৰুগড় জিলা ৰহমৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত গেণীচুক হাঁহৰীয়াল গাঁৱত আজি দুদিন ধৰি এজন যুৱক সন্ধানহীন হৈ থকাত অঞ্চলটো তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। জানিব পৰা মতে হাঁহৰীয়াল গেণীচুক গাঁৱৰ নিতামণি কোঁচৰ পুত্ৰ ধ্ৰুৱজ্যোতি কোঁচ যোৱা ১৪ মে’ আবেলি তিনিমান বজাৰ পৰা নিখোজ হৈ আছে। ইতিমধ্যে পৰিয়ালৰ লোকে ৰহমৰীয়া আৰক্ষী থানাত সন্ধানহীন হৈ থকাৰ যুৱকজনৰ সন্দৰ্ভত এজেহাৰ দাখিল কৰিছে । কোনো সদাশয় ব্যক্তিয়ে যুৱকজনৰ সন্দৰ্ভত কিবা তথ্য সম্ভেদ পালে আৰক্ষী অথবা 95774027986 , 8753992148 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা অনুৰোধ জনাইছে ।

Related Articles

Leave a Reply

Close