অসম

ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ বঁটা প্ৰাপক ড° দীনেশ দাসক গোসাঁইগাওঁ মহাবিদ্যালয়ৰ সম্বৰ্ধণা জ্ঞাপন

প্ৰথম খবৰ,গোসাঁইগাওঁ,১২মে’: “ইন্দিৰা প্ৰিয়দৰ্শিনী স্বৰ্ণ পদক বঁটা ২০১৭” লাভ কৰি গোসাঁইগাওঁ মহাবিদ্যালয়লৈ ৰাষ্ট্ৰীয় পৰ্য্যায়ৰ সন্মান কঢ়িয়াই আনিবলৈ সক্ষম হোৱা অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড° দীনশ দাসক মহাবিদ্যালয়খনৰ পৰা আনুষ্ঠানিক ভাৱে সম্বৰ্ধণা জ্ঞাপন কৰা হয় ৷ চলিত বছৰৰ আঠ মাৰ্চত বাঙ্গালোৰত “গ্ল’বেল ইক’নমিক প্ৰ’গ্ৰেছ এণ্ড ৰিছাৰ্চ এছ’চিয়েচন’ৰ উদ্যোগত অনুষ্ঠিত “৪২তম্‌ সৰ্ব্ব ভাৰতীয় ৰাষ্ট্ৰীয় একতা সন্মিলন’ত এক আড়ম্বৰপূৰ্ণ অনুষ্ঠানত গোসাঁইগাওঁ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মূৰব্বী অধ্যাপক ড° দীনেশ দাসক এই সন্মানীয় বটাঁ প্ৰদান কৰিছিল ৷

Related Articles

Leave a Reply

Close