অসম

জুৱাই ছানি ধৰিছে নগাঁও: ১১ জুৱাৰীক গ্ৰেপ্তাৰ


প্ৰথম খবৰ,বঢ়মপুৰ,ৰূপহীহাট,২মে’: নগাঁৱৰ বিভিন্ন ঠাইত জুৱাৰ বিৰুদ্ধে আৰক্ষীয়ে চলোৱা অভিযানৰ পিছত যোৱানিশা ৰূপহীহাট আৰু নগাওঁ জিলাৰ আৰক্ষীৰ এটা বিশেষ দলে অভিযান চলাই ৰূপহীহাটৰ পৰা উৎখাত কৰে বৃহৎ IPL জুৱাৰ চক্ৰ। ৰূপহীহাট বজাৰত সোমবাৰে নিশা IPL জুৱা খেলি থকা অৱস্থাৰ পৰা আৰক্ষীয়ে গ্ৰেপ্তাৰ ১১টাকৈ জুৱাৰী। লগতে জব্দ কৰিবলৈ সক্ষম হয় চাৰিটা ম’বাইল ফোনসহ ৭২হাজাৰ টকা। অৱশ্যে অধিকাংশ জুৱাৰীয়েই জুৱা খেলি থকা স্থানৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়। নগাওঁ জিলাৰ উপ-আৰক্ষী অধীক্ষক অসীমা কলিতাৰ নেতৃত্বত আৰক্ষীৰ এটা বিশেষ গোটে নিশা চলিছিল এই বৃহৎ অভিযানটো। সম্প্ৰতি বৃহৎ IPL সন্দৰ্ভত ধৃত সকলোকে সোধ-পোচ অব্যাহত ৰাখিছে ৰূপহীহাট আৰক্ষী থানাত।

Related Articles

Leave a Reply

Close