অসম

ৰূপহীহাটত ধৰ্ষণৰ অভিযোগত পঞ্চায়ত সভানেত্ৰীৰ স্বামী গ্ৰেপ্তাৰ

প্ৰথম খবৰ, ৰূপহীহাট: নগাঁও জিলাৰ একালৰ প্ৰতাপী মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ এতিয়া ধৰ্ষণ কাণ্ডৰ অভিযোগত ৰঙা ঘৰৰ আলহী হৈ পৰিছে ৷ চামগুৰি সমষ্টিৰ লাওখোৱা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰীৰ স্বামী ছুলমান আলীৰ বিৰুদ্ধে এগৰাকী মহিলাই ধৰ্ষণৰ অভিযোগ উত্থাপন কৰিছিল ৷ আৰু আজি ৰূপহীহাট আৰক্ষীয়ে মহিলাৰ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা ছুলমান স্বাস্থ্য বিভাগৰো কৰ্মচাৰী হিচাপে কাম কৰি আছিল । প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ ঘনিষ্ঠ ছুলমানে একে গাঁৱৰে এগৰাকী মহিলাক ধৰ্ষণৰ পাছত ভাবুকি প্ৰদান কৰাৰ অভিযোগ আছিল ছুলমানৰ বিৰুদ্ধে । শ’লমাৰী গাঁৱৰ মহিলা গৰাকীৰ শ্লীলতা হানিৰ অভিযোগত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগে লগে উচিত শাস্তিৰো দাবী উত্থাপন হৈছে ৷

Related Articles

Leave a Reply

Close