অসম

APSC কেলেংকাৰীক লৈ গ্ৰেপ্তাৰ তিনি ACS ‍বিষয়া

ষ্টাফ ৰিপৰ্টাৰ,প্ৰথম খবৰ: ৰাজ্য কঁপোৱা এপিএছচি কেলেংকাৰীক লৈ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷ এইবাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে তিনিজন কৰ্মৰত এচিএছ বিষয়াক ৷ কেলেংকাৰীক লৈয়ে সম্প্ৰতি কাৰাগাৰত থকা ৰাকেশ পালৰ বাসগৃহত যিসকলৰ বহী উদ্ধাৰ হৈছিল তেওঁলোকৰ মাজৰে তিনিজনক গ্ৰেপ্তাৰ কৰাৰ পিছতে অসৎ উপায়ে এচিএছ বিষয়া হোৱা বহুতৰে এতিয়া চকুত টোপনি নাই ৷ গ্ৰেপ্তাৰ বা তদন্তৰ সন্মুখীন হোৱাৰ আশংকাত এতিয়া টোপনি হৰণ হৈছে একাংশৰ ৷ ইতিমধ্যে ছিপাঝাৰৰ চক্ৰ বিষয়া অমৃত শৰ্মা, হেলেমৰ চক্ৰ বিষয়া ভাস্কৰজ্যোতি দেৱ শৰ্মা, নলবাৰীৰ চক্ৰ বিষয়া ভাস্কৰ দত্তক ডিব্ৰুগড়ৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অনুসন্ধান ক্ষিপ্ৰ কৰি তুলিছে৷ তিনিওজনক কাহিলিপাৰা লকআপত ৰাখি সোধা-পোচা অব্যাহত ৰাখিছে ৷ ৰাকেশ পালৰ ঘৰত তিনিওৰে উত্তৰ বহী উদ্ধাৰ হোৱাৰ পিছতে গ্ৰেপ্তাৰৰ সন্মুখীন হ’ল সম্প্ৰতি কৰ্মৰত বিষয়াকেইজন ৷

Related Articles

Leave a Reply

Close