অসমশীৰ্ষ

অন্ধ ছাত্ৰ নজৰুলে মুকালমুৱালৈ কঢ়িয়াই আনিলে গৌৰৱ

প্ৰথম খবৰ, মুকালমুৱা: হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰতে ২য় স্থান দখল কৰি মুকালমুৱালৈ গৌৰৱ কঢিয়াই আনিছিল মেধাবী ছাত্ৰ নুৰুল হ’ক আলীয়ে ৷ একেটা বৰ্ষতে পুনৰ এজন অন্ধ ছাত্ৰই মুকালমুৱালৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হয় ৷ দৰিদ্ৰতা তথা মনৰ হেপাঁহ যে কেতিয়াও শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে তাকেই প্ৰমান কৰি দিলে মুকালমুৱাৰ বামুনবড়ীৰ এইজন মেধাবী ছাত্ৰ নজৰুলে ৷ ৯০% চকুৰ দৃষ্টি শক্তি হেৰুৱাৰ পিছতো হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভগ্নীৰ সৈতে উত্তীৰ্ণ হোৱা নজৰুলৰ এনে সাফল্যই গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। বৰক্ষেত্ৰীৰ বামুনবড়ী হাইস্কুলৰ ছাত্ৰ নজৰুলে দুয়োটা চকুৰ দৃষ্টিশক্তি হেৰুৱাইছিল ৷ তথাপিও অতি দুখীয়া পৰিয়ালৰ ল’ৰা নজৰুলৰ হেপাঁহ আছিল শিক্ষাৰ জগত খনত আগুৱাই যোৱাৰ ৷ চকুৰ দৃষ্টি শক্তি তথা দৰিদ্ৰতাই কোঙা কৰিলেও নজৰুলে কিন্তু ভাগৰি পৰা নাছিল ৷ হতাশাত ভাগি নপৰা নজৰুলে অতি কষ্টৰ মাজেৰে অধ্যয়ণ কৰি গৈছিল ৷ একপ্ৰকাৰ নজৰুলে জীৱন যুদ্ধ কৰি গৈছিল ৷ চকুৰ দৃষ্টিহীন হ’লেও বিদ্যালয়ত আলোচনাৰ মাধ্যমেৰে শিক্ষা অৰ্জন কৰি গৈছিল অন্ধ ছাত্ৰ নজৰুলে ৷ ঘৰতো একমাত্ৰ ভনী তথা নৱম শ্ৰেণীৰ ছাত্ৰী মৰ্জিনাই সকলো দিশতে সহায় কৰি গৈছিল নজৰুলক ৷ পৰীক্ষাতো ভগ্নী মৰ্জিনাৰ সৈতে উত্তীৰ্ণ হৈছিল নজৰুল ৷ পৰীক্ষাৰ সময়চোৱাত সকলোৰে দৃষ্টি আকৰ্ষন কৰিছিল দুই ভাতৃ-ভগ্নিয়ে ৷ পৰীক্ষা গৃহত ভগ্নি মৰ্জিনাই দৃষ্টিহীন নজৰুলক প্ৰশ্নবোৰ পাঠ কৰি দিছিল আৰু নজৰুলে প্ৰশ্নৰ উত্তৰ সমুহ কৈ দিয়াত সমান্তৰালকৈ উত্তৰ সমুহ উত্তৰ বহীত লিখি গৈছিল ভগ্নি মৰ্জিনাই ৷ এনেদৰে হাইস্কুল শিক্ষান্ত পৰিক্ষাত উত্তীৰ্ণ হৈছিল দৃষ্টিহীন নজৰুলে ৷ অৱশেষত ফলাফলৰ অপেক্ষাৰ অন্ত পেলাই নজৰুলে হাইস্কুল শিক্ষান্ত পৰিক্ষাত ৬৫.২২% নম্বৰে প্ৰথম বিভাগত উত্তীৰ্ণ হয় ৷ দৃষ্টিহীন নজৰুলৰ এনে সাফল্যত বৰক্ষেত্ৰীত এক চৰ্চা লাভ কৰাৰ লগতে সকলোৱে উৎসাহিত হৈ পৰে ৷

Related Articles

Leave a Reply

Close