অসম

অভয়াপুৰীত বাগৰিল গেছভৰ্তি টেংকাৰ, আতংকময় পৰিস্থিতি

প্ৰথম খবৰ, অভয়াপুৰী: অভয়াপুৰীত আজি দুপৰীয়া সৃষ্টি হয় এক আতংকময় পৰিস্থিতিৰ ৷ অভয়াপুৰীৰ ৩১(খ) ৰাষ্ট্ৰীয় ঘাইপথত দুৰ্ঘটনাগ্ৰস্ত গেছভৰ্তি টেংকাৰ ৷ ঘটনাৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত মহকুমাধিপতি, কাৰ্যবাহী দণ্ডাধীশ, আৰক্ষী উপস্থিত হয় ৷ প্ৰশাসনে সতৰ্কতামূলক ব্যৱস্থাৰূপে অভয়াপুৰী-চেনিখোৱা পথ বন্ধ কৰিছে । দুৰ্ঘটনাগ্ৰস্ত টেংকাৰখনৰ নম্বৰ AS 04 AC 2529 ৷ অৱশ্যে বৰ্তমানলৈ টেংকাৰখনৰ গেছ নিৰ্গত হোৱা নাই বুলি প্ৰশাসনে জনাইছে ৷ IOCৰ পৰা উদ্ধাৰকাৰী বাহন আহি আছে জানিব পৰা গৈছে ৷ সমগ্ৰ অঞ্চলটোত বিদ্যুৎ সংযোগ কৰ্তন কৰা হৈছে ৷ প্ৰশাসনে গ্ৰহণ কৰিছে সতৰ্কতামূলক ব্যৱস্থা কৰিছে ৷ ঘটনাস্থলীত উপস্থিত হৈছে অগ্নিনিৰ্বাপক বাহিনী ৷

Related Articles

Leave a Reply

Close