অসম

অভয়াপুৰীত “শুক্লধ্বজ”ৰ উদ্যোগত গীতৰ কৰ্মশালা

প্ৰথম খবৰ, অভয়াপুৰী: অসমৰ বুকুৰ পৰা হেঁৰাই যাব ধৰা সংস্কৃতিক পুনৰুদ্ধাৰৰ প্ৰচেষ্টাৰে অভয়াপুৰীৰ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত গঢ় লোৱা সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠান “শুক্লধ্বজে” দ্বিতীয়বাৰৰ বাবে অভয়াপুৰীত আয়োজন কৰিছে এক কৰ্মশালাৰ ৷ বৰগীত, হোলীগীত, কামৰূপী লোকগীত, ভূপেন্দ্ৰ সংগীত, জ্যোতিসংগীত আৰু বিষ্ণুৰাভা সংগীতৰ প্ৰশিক্ষণ দিবলগা এই কৰ্মশালা ১৩ জুলাইৰ পৰা ২০ জুলাইলৈ অভয়াপুৰী মহাবিদ্যালয়ত অনুষ্ঠিত হ’ব ৷ প্ৰশিক্ষকৰূপে থাকিব অনাতাঁৰ শিল্পী বুদ্ধদেৱ দাস, লোকশিল্পী বসন্ত পাটগিৰী আৰু জনপ্ৰিয় সংগীত পৰিচালক মৃণালকান্তি মেধি ৷ কৰ্মশালাত সহযোগ কৰিছে অভয়াপুৰী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা যোজনা গোটে ৷

Related Articles

Leave a Reply

Close