অসম

অসম আৰক্ষীৰ নগ্ন স্বৰূপ উদঙাইছে নগাঁৱৰ কেইবাটাও আৰক্ষী পহৰা চকীয়ে, অসম আৰক্ষীৰ আধুনিকীকৰণ নামত প্ৰহসন 

প্ৰথম খবৰ, ৰূপহীহাট: অসম আৰক্ষী বিভাগৰ আধুনিকীকৰণৰ নামত চৰকাৰে ন ন আঁচনি গ্ৰহণ কৰি চমক দিবলৈ প্ৰয়াস কৰিছে আৰু খৰচ কৰিছে কোটি কোটি চৰকাৰী ধন কিন্তু আৰক্ষী বিভাগৰ আধুনিকীকৰণৰ নামত নগাঁও জিলাত হৈছে প্ৰহসন। নগাঁও জিলাৰ জুৰীয়া আৰক্ষী থানাৰ অন্তৰ্গত দগাঁও আৰক্ষী পহৰা চকীৰ পয়ালগা ৰূপ দেখিলে আপোনাৰ চকু কপালত উঠিব । চৰকাৰ পৰিৱৰ্তন হ’ল কিন্ত পৰিৱৰ্তন নহ’ল দগাঁও আৰক্ষী পহৰা চকী। এই আৰক্ষী চকীৰ আৰক্ষী সকলে বন্দুক বাৰুদ এৰি হাতত তুলি ল’বলৈ বাধ্য হৈছে মগ, চৰিয়া, বাল্টি আৰু কোৰ। কিয়নো এজাক বৰষুণ দিলেই আৰক্ষী চকীৰ কোঠাৰ ভিতৰত সৃষ্টি হয় মহা প্লাৱনৰ। পহৰা চকী খনত নাই দৰ্জা-খিৰিকি, নাই শৌচালয়, নাই খোৱা পানীৰ সুবিধা , নাই এখন বাহন। প্ৰায় ৪০ খন গাঁৱৰ ৰাইজক নিৰাপত্তাৰ দায়িত্বত থকা পহৰা চকী খনত বৰ্ত্তমান আৰক্ষীৰ লোকৰে নিৰাপত্তা নথকাৰ অভিযোগ উত্থাপন কৰিছে স্বয়ং আৰক্ষীৰ লোকে। আজি কিছু দিন আগত জুৰীয়াত এক ৰাইজ মেলত জুৰীয়াত কুখ্যাত ডকাইত, অপৰাধীৰ সংখ্যা জিলা খনৰ ভিতৰত অধিক থকাৰ কথা স্বীকাৰ কৰিছিল খোদ জিলা আৰক্ষী -অধীক্ষক দেৱৰাজ উপাধ্যায়ে।
নগাঁও জিলাৰ উত্তৰ অঞ্চলত আৰক্ষী চকী কেই খনত খোদ আৰক্ষীৰ লোকৰ নিৰাপত্তা নাই তাত জনসাধাৰণক নিৰাপত্তা কেনেকৈ দিব আৰক্ষীয়ে ই এক লাখ টকীয়া প্ৰশ্ন হৈ পৰিছে। নগাঁও জিলাৰ উত্তৰাঞ্চালত থকা দগাঁও, সুতিৰপাৰ, গড়াজান, ডুমডুমীয়া আৰক্ষী পহৰা চকী আৰু লাওখোৱা চৰ-চাপৰি আৰক্ষী থানা কেই খনত আৰক্ষীৰ পৰ্যাপ্ত সা-সুবিধা নথকাৰ কাৰণেই এই অঞ্চল সমুহত চোৰ ,ডকাইত ,ভূ -মাফিয়াৰ ৰাজত্ব দিনে দিনে বৃদ্ধি পাইছে বুলি সচেতন মহলে মত প্ৰকাশ কৰিছে।ইয়াৰ উপৰি লাওখোৱা চাপৰি থানাখন আছে ৰূপহীহাট আৰক্ষী থানাৰ ভিতৰত৷ অসমৰ ভিতৰত এইখনেই হৈছে এটা আচৰিত থানা কাৰণ এখন থানাৰ ভিতৰত আছে আনখন থানা। এতিয়া পৰিৱৰ্তনকামী বিজিপি চৰকাৰক কেইবালাখ জনসাধাৰণৰ নিৰাপত্তা সু-নিশ্চিত কৰাৰ স্বাৰ্থত এই পহৰা চকী কেইখন আধুনিকীকৰণৰ বাবে চৰকাৰক সচেতন নাগৰিকে দাবী জনাইছে।

Related Articles

Leave a Reply

Close