অসম

অৰুণাচলৰ সুৰা অসমত অবাধ প্ৰচলন: আবকাৰীৰ অভিযান, সুৰা সহ সাতজন আটক

প্ৰথম খবৰ, তেজপুৰ: অৰুণাচলৰ সুৰা অসমত অবাধ প্ৰচলন। শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ বালিপৰা ৰঙাপৰাৰ বিভিন্ন অঞ্চলত আবকাৰী বিভাগে আজি পুৱা এক অভিযান চলাই কেইবা কাৰ্টুন অবৈধ অৰুণাচলী সুৰা জব্দ কৰিবলৈ সক্ষম হয়। সুৰাখিনিৰ মূল্য প্ৰায় ৪০০০০ টকা বুলি আবকাৰী বিভাগে জানিব দিছে। আনহাতে বালিপৰা, ৰঙাপৰা, চাৰিদুৱাৰৰ ৮ জনকৈ অবৈধ সুৰা ব্যৱসায়ীক অভিযানকাৰী দলটোৱে আটক কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, এচাম অসাধু ব্যৱসায়ীয়ে অঞ্চল সমূহত অবৈধ্য অৰুনাচলী সুৰাৰ ব্যৱসায় চলাই আহিছে ।

Related Articles

Leave a Reply

Close