অসম

অৰুণাচল প্ৰদেশ লিটাৰেৰী ছ’ছাইটিৰ সহযোগত অসম সাহিত্য সভাৰ লুম্মেৰ দাইৰ ৭৮ সংখ্যক জন্ম দিৱস উদযাপন আৰু লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

প্ৰথম খবৰ, ইটানগৰ: পঞ্চম বাৰৰ বাবে ইটানগৰত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ল  লুম্মেৰ দাইৰ জন্মদিৱস আৰু লুম্মেৰ দাই সাহিত্য বঁটা প্ৰদান অনুষ্ঠান৷ ২০১৭ বৰ্ষৰ লুম্মেৰ দাই সাহিত্য বঁটাৰে সন্মানিত কৰা হৈছে  অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে সমান্তৰালভাৱে কেইবাখনো গ্ৰন্থ ৰচনা কৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত অধ্যাপিকা ড: তিলোত্তমা মিশ্ৰক। ইটানগৰৰ বেঙ্কুৱেট হলত দুদিনীয়াকৈ অনুষ্ঠিত এই গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত অৰুণাচল প্ৰদেশ বিধানসভাৰ অধ্যক্ষ টেনজিং নৰবু থংডকেয়ে উক্ত বঁটাটি প্ৰদান কৰে। অসম- অৰুণাচল প্ৰদেশৰ কেইবাগৰাকীও জনপ্ৰিয় কবি, সাহিত্যিক, সাংবাদিকে অংশগ্ৰহণ কৰা এই অনুষ্ঠানত অসম সাহিত্য সভাৰ উপ-সভাপতি প্ৰহ্লাদ তাছা, সাহিত্য অকাডেমী বঁটা প্ৰাপক বিপুল দেউৰীৰ লগতে অৰুণাচল লিটাৰেৰী চ’ছাইটিৰ সভাপতি য়েছে ডৰজে থংচি, সম্পাদক বাটেম পাৰ্টিন, নাহৰলগুন কৃষ্টি কেন্দ্রৰ সম্পাদক দুলাল নাথ, সাহিত্য সূৰ্য লু্ম্বেৰ দাইৰ পত্নী নানী দাই, পদ্মশ্ৰী বঁটা প্ৰাপ্ত মামং দাই, শোণিতপুৰ জিলা সাংবাদিক সন্থাৰ সাধাৰণ সম্পাদক ভূৱন শইকীয়া আদি উপস্থিত থাকে। আজিৰ অনুষ্ঠানত অৰুণাচলৰ বিশিষ্ট গালো ভাষাৰ কবি য়াবিন জিৰ্দোৰ এটি কবিতা অসমীয়া অনুবাদ কৰি পাঠ কৰে অৰুণাচল লিটাৰেৰী চ’ছাইতিৰ সহকাৰী সম্পাদক তথা অৰুণাচল ইলেক্ট্ৰনিক মিডিয়াৰ সভাপতি মুকুল পাঠকে। উল্লেখ্য যে, অৰুণাচল প্ৰদেশ বিধান সভাৰ অধ্যক্ষ গৰাকীয়ে তেওঁৰ নাতিদীৰ্ঘ ভাষণত অসম আৰু অৰুণাচলৰ মাজত সমন্বয়ৰ এনাজৰীডাল কটকটীয়া কৰিবলৈ আহ্বান জনোৱাৰ লগতে অসমক অৰুণাচলে আজিও Big brother হিচাপে গণ্য কৰে বুলি মতপ্ৰকাশ কৰে। তেওঁ বিহপুৰীয়াৰ বিশিষ্ট সাহিত্য কৰ্মী গোলোক হাজৰিকাৰ মহানুভৱতাক সোঁৱৰাৰ লগতে অসমীয়া ভাষাৰ প্ৰতি থকা দুৰ্বলতাৰ বাবেই অৰুণাচলৰ বহু লোকে আজিও অসমীয়া কয় বুলি মন্তব্য কৰে।

Related Articles

Leave a Reply

Close