অসম

আঠ বছৰ বয়সতে পিতৃ হেৰুৱা জেছমিনা আক্তাৰে গৌৰৱ কঢ়িয়াই আনিলে চেঙা অঞ্চললৈ

প্ৰথম খবৰ, চেঙা: আত্মবিশ্বাস আৰু একাগ্রতা থাকিলে দৰিদ্রতাই কেতিয়াও প্রতিভা বিকাশৰ অন্তৰায় হ’ব নোৱাৰে । এই কথা পুনৰাই প্রমাণিত কৰিলে। উল্লেখযোগ্য যে, আঠ বছৰ বয়সতে পিতৃ হেৰুৱা জেছমিনা আক্তাৰে জীৱনৰ প্রতিটো মুহুর্ততেই নানান ঘাত প্রতিঘাতৰ মাজেৰে অধ্যৱসায় অব্যাহত ৰাখি সদ্য ঘোষিত HSLC ত আটাইকেইকেইটা বিষয়ত লেটাৰ মার্কসহ গড় ৮৯.৮৩ শতাংশ, মুঠ ৫৩৯ নম্বৰ অৰ্জন কৰিলে ।বৰপেটা জিলাৰ চেঙা ৰাজহ চক্ৰৰ অন্তৰ্গত পদ্মপাৰাস্থিত ডিলিজেন্ট একাডেমীৰ লগতে গৃহ গাঁও বৰভিঠালৈ সুনাম কঢ়িয়াই আনিলে। অঞ্চলবাসীয়ে জনালে জেছমিনা আক্তাৰলৈ শুভেচ্ছা ।

Related Articles

Leave a Reply

Close