অসম
আন্ধেৰীঘাটত বিদ্যুৎ বিভাগৰ মৰণফান্দ

প্ৰথম খবৰ, আন্ধেৰীঘাট: অসমত বিদ্যুৎ বিভাগৰ মৰণফান্দত ইতিমধ্যে প্ৰানাহুতি দিলে বহুকেইজনে।শক্তিমন্ত্ৰীয়ে পাৰ্যমানে চেষ্টা কৰিছে ইয়াৰ পৰা পৰিত্ৰান পোৱাৰ। সতৰ্ক কৰি দিছে বিভাকটোৰ সকলো শ্ৰেণীৰ কৰ্মচাৰীক। কিন্তু এই সতৰ্কবানীয়েও তলাব পৰা নাই বিদ্যুৎ বিভাগৰ ছিপাঝাৰ উপ-সংমণ্ডলক। অভিযোগ মতে, আন্ধেৰীঘাটৰ মাহতলী গাঁৱৰ ট্ৰেন্সফৰমাৰৰ পৰা কাহিতলীলৈ বিদ্যুৎ যোগান ধৰা হয়। বিগত প্ৰায় ১৫ দিন ধৰি ইয়াৰ এটা অংশত তামোল গছৰ সতে এজোপা বাঁহে বিদ্যুৎ পৰিবাহী তাঁৰৰ ওপৰত হেঁচা দি আছে। বিভাগীয় পৰিদৰ্শকে পৰিদৰ্শনত আঁহোতে গাঁৱৰ ৰাইজে কথাটো অৱগতও কৰে। তেওঁলোকেও ইয়াক বিপদ মুক্ত কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। কিন্তু এতিয়ালৈকে কাৰ্যকৰীহে নহ’ল। যিকোনো মুহূৰ্ততে অন্য এটা দুৰ্ঘটনাৰ সাক্ষী হয়টো হ’ব লাগিব এই অঞ্চলৰ ৰাইজ। হয়টো কোনোবাজনে হেৰুৱাব লাগিব ভাই ভনী, মা-দেউতা, নাইবা নিজৰ কণমানীক। বিদ্যুৎ বিভাগে সম্ভাব্য বিপদৰ পৰা ৰাইজক উদ্ধাৰ কৰিবনে?