অসম

আমগুৰিৰ চামগুৰিত ধোদৰ আলি অৱৰোধ

প্ৰথম খবৰ,আমগুৰি: গ্ৰাম্য পথ উপ-সংমণ্ডলৰ আমগুৰিস্থিত সহকাৰী কাৰ্যবাাহী অভিযন্তা গৰাকীৰ অকৰ্মণ্যতাৰ বাবে আমগুৰিৰ বহু পথ বিধ্বস্থ হৈ পৰিছে। আজি বৃহত্তৰ চামগুৰি যুৱ সমাজ , কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি কেইবাটাও সংগঠনৰ যৌথ উদ্যোত চেউনী আলি, মেহগড় আলি নিৰ্মানৰ দাবীত ধোদৰ আলি অৱৰোধ কৰি পৰিবেশ উত্তাল কৰে।পিছত ৰাজহ চক্ৰ বিষয়া মৌচুমী চেতিয়া উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে ৷ লগতে উক্ত পথ কেইটা শীঘ্ৰে নিৰ্মানৰ আশ্বাস দিয়ে।

Related Articles

Leave a Reply

Close