অসমশীৰ্ষ

ইতিহাস হ’ল ঐতিহ্যমণ্ডিত কটন কলেজ

কৌশিক বৰাৰ সহযোগত নিউজ ডেস্ক,প্ৰথম খবৰ: বৃটিছ শাসিত অসমৰ তদানীন্তন চীফ কমিছনাৰ ছাৰ হেনৰী ষ্টেডমেন কটন, কে.চি.এছ.আই-এ ১৯০১ চনৰ ২৭ মে’ত অসম মুলুকত আৰম্ভ কৰিছিল সপোনৰ এখন শিক্ষানুষ্ঠান ৷ তেখেতৰ নামেৰেই প্ৰতিষ্ঠানটোৰ নাম হৈছিল কটন কলেজ ৷ অধ্যক্ষ ফ্ৰেডৰিক উইলিয়াম চুদমাৰ্চনসহ ৫ অধ্যাপকৰ শিক্ষাদানেৰে আগবাঢ়িছিল কটন কলেজৰ কাহিনী ৷ ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনৰ লগতে সাহিত্যিক-সাংস্কৃতিক আন্দোলনৰ সাক্ষীস্বৰূপ কটন কলেজ ৷ লাহে লাহে ১৯৯২ চনত কটনে বুকুত লিখি লৈছিল আন এক গৌৰৱৰ কাহিনী ৷ সেই চনৰ ৬ অক্টোবৰত কটন কলেজক এখন স্নাতকোত্তৰ শিক্ষা প্ৰতিষ্ঠান হিচাপে ঘোষণা কৰা হৈছিল ৷ কটন কলেজক এবাৰ চুই চোৱাৰ সপোন বান্ধিছিল গাঁৱৰ যুৱক-যুৱতীয়ে ৷ মেধাৰ ভিত্তিত কটন কলেজত শিক্ষা লাভৰ সুযোগ পোৱাজনে কটন কলেজখনৰ দৰেই বুকুত বান্ধি লৈছিল গৌৰৱ-উচ্চাকাংক্ষা ৷ সেই উচ্চাকাংক্ষাৰ নাম- মই কটনিয়ান… ৷ সময় বাগৰি গ’ল ৷ ২০১৭ চনৰ ১ জুনত কটন কলেজে বুকুত লিখি ল’লে আন এক কাহিনী ৷ ইতিহাস হৈ পৰিল কটন কলেজ ৷ এতিয়াৰে পৰা কটন কলেজৰ পৰিচয় হৈ পৰিল “কটন বিশ্ববিদ্যালয়” ৷ বহু জনা-নজনা কাহিনীৰ সাক্ষী বহন কৰা পূৰ্বৰ সকলো নামফলক আঁতৰাই পেলোৱা হ’ল, আঁৰি দিয়া হ’ল কটন বিশ্ববিদ্যালয়ৰ নতুন ফলক ৷ কটন কলেজৰ পূৰ্বৰ ৱেবচাইট www.cottoncollege.org.inয়েও নাম সলাই হৈ পৰিল http://cottonuniversity.ac.in.আৰু ৱেবচাইটত জিলিকিল কটন কলেজৰ নতুন কাহিনী- Cotton College, the 116 year old College in Guwahati has been upgraded to Cotton University vide notification No. LGL.101/2011/Pt/20 dated the 11th April, 2017 to contribute and establish a teaching and research, unitary and residential University.
ৰাজ্যপাল বনোৱাৰীলাল পুৰোহিতে ল’ব কটন বিশ্ববিদ্যালয়ৰ আচাৰ্যৰ গুৰুভাৰ ৷ চৰকাৰৰ এই সিদ্ধান্তক লৈ এতিয়া সৰৱ চৰ্চা, একাংশ ছাত্ৰ-ছাত্ৰীৰ ক্ষোভ আৰু অসন্তুষ্টি ৷ তাৰ মাজতে গত ১১৬ বছৰে বহু জীয়া কাহিনী বুকুত অগোচৰে বান্ধি ইতিহাস হৈ পৰিল ঐতিহ্যমণ্ডিত কটন কলেজ ৷

Related Articles

Leave a Reply

Close