অসম

ইৰি ধানৰ খেতিত পতান ! বৰপেটাৰোডত কৃষক মুক্তিৰ উদ্যোগত পথ অৱৰোধ, বীজ ভাণ্ডাৰৰ গৰাকীক আটক

প্ৰথম খবৰ, বৰপেটাৰোড: বৰপেটাৰােড, কলগাছিয়া, মাইলকুছি, মন্দিয়াত ইৰিধানৰ খেতিত পতান হোৱাৰ পাছত বিভিন্ন আন্দোলন অব্যাহত থকাৰ সময়তে আজি কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত পথ অৱৰোধৰ কাৰ্যসূচী ৰূপায়ন কৰে৷ বৰপেটাৰোড বাছ আস্থানৰ ওচৰত কেইবা শতাধিক ভোক্তভোগী কৃষক-ৰাইজ আৰু সংগঠনটোৰ কৰ্মী সমৰ্থক সকলে পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ বৰপেটাৰােডৰ কৃষি কল্যাণ বীজভাণ্ডাৰৰ গৰাকী মহিদুৰ ৰহমানক কৰায়ত্ব কৰাৰ দাবীত প্ৰায় এঘন্টালৈকে প্ৰতিবাদ সাব্যস্ত কৰে কৃষকসকলে৷ উল্লেখ্য যে বৰপেটাৰোডৰ উক্ত বীজ ভাণ্ডাৰৰ পৰা আমেৰিকাৰ কোম্পানী ‘এডভান্টা- পি এ চি ৮৩৭’ নামৰ বৰ্ণসংকৰ ধানৰ বিধান ক্রয় কৰি নি বিভিন্ন খুচুৰা বীজ ভাণ্ডাৰে কৃষকৰ ওচৰত বিক্ৰী কৰিছিল৷ হঠাতে অনুষ্ঠিত হোৱা পথ অৱৰোধ কাৰ্যসূচীৰ অন্তৰালৰ ঘটনাক্ৰম অনুসৰি আজি কৃষক মুক্তিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক ৰাতুল হুছেইনকে আদি কৰি সমিতিৰ বৰপেটা জিলা, বৰপেটাৰোড আঞ্চলিক, দোমনী-কাটাঝাৰ আঞ্চলিক সমিতিয়ে বাক্সাৰ আইখাৰী গাঁৱৰ কৃষকসকলৰ লগতে উল্লেখিত অঞ্চলসমূহৰ কৃষকসকলৰ প্ৰতিনিধিক লগত লৈ গুটি ক্ৰয় কৰা বীজ ভাণ্ডাৰৰ গৰাকীসকলৰ লগত ধানৰ সলনি পতান কিয় হ’ল বুলি জানিব বিচাৰে৷ খুচুৰা বীজভাণ্ডাৰবোৰে উক্ত ধানৰ বীজৰ ডিলাৰ হিচাপে বৰপেটাৰোডৰ কৃষি কল্যাণ বীজভাণ্ডাৰৰ নাম উল্লেখ কৰে আৰু সেই মতে কৃষকসকলে খুচুৰা দোকানীক লগত লৈ উক্ত ডিলাৰৰ ওচৰলৈ যায়৷ সাধাৰণ খেতিয়কক দেখা পাই ডিলাৰৰ গৰাকী মহিদুৰ ৰহমানে অশ্ৰাব্য গালি-গালাজ কৰাৰ লগতে অনাগত সময়ত এই সম্পৰ্কে আলোচনা কৰিলে প্ৰাণেমৰাৰ ভাবুকি প্ৰদান কৰে৷ ধানৰ সলনি পতান হোৱাত সৰ্বস্বান্ত হোৱা কৃষকসকলৰ লগত পশুতুল্য আৰু অমানৱীয় দুৰ্ব্যৱহাৰ কৰাত সাধাৰণতেই ক্ষুব্ধ হৈ পৰা কৃষকসকলে নামনি অসমৰ দুৱাৰ মুখ স্বৰূপ অতি ব্যস্ততাপূৰ্ণ বৰপেটাৰোড বাছ আস্থানৰ সন্মুখত বৰপেটাৰোড-মানাহ ৰোড প্ৰায় এঘন্টাৰ বাবে অৱৰোধ কৰি ৰাখে আৰু ডিলাৰ গৰাকীক কৰায়ত্ব কৰিবলৈ দাবী উত্থাপন কৰে৷ উল্লেখ্য যে এডভান্টাৰ ধানৰ বীজ যিমান পৰিমাণে অসমৰ বজাৰত মুকলি কৰি দিয়া হৈছিল তাতোকৈ বহু বেছি পৰিমাণৰ ধানৰ বীজ বজাৰত বিক্ৰী হোৱা বুলি স্বয়ং কৃষি বিষয়াই ইতিপূৰ্বে ঘোষণা কৰিছিল আৰু ৰাজ্যৰ অকৰ্মন্য কৃষিমন্ত্ৰী অতুল বৰাই এই ধানৰ বীজৰ বাবেই এনেধৰণৰ পতান হোৱা বুলি উল্লেখ কৰি সংবাদ মাধ্যমত প্ৰকাশ কৰিছিল৷ আজিৰ উক্ত প্ৰতিবাদী কাৰ্যসূচীত বৰপেটাৰোড আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া তপন কলিতাই উপস্থিত হৈ প্ৰতিবাদকাৰীসকলৰ দাবী তথা এজাহাৰৰ ভিত্তিত উপৰোক্ত ব্যক্তিজনক কৃষিকল্যাণ বীজ ভাণ্ডাৰৰ গৰাকী মহিদুৰ ৰহমানক গ্ৰেপ্তাৰ কৰে৷

Related Articles

Leave a Reply

Close