অসমশীৰ্ষ

উন্নয়ণৰ ফোপোলা স্বৰূপ কাৰ্বি পাহাৰত: চ’ছেং সমষ্টিৰ ৰাইজে আজিও খায় জুৰিৰ পানী

প্ৰথম খবৰ,হামৰেণ: কাৰ্বি পৰিষদৰ নিৰ্বাচনলৈ মাজত মাথো আৰু এটা দিন ৷ কিন্তু ১৯৫২ চনতেই স্ব-জাতি, মাটিৰ ৰক্ষাৰ উদ্দেশ্যৰে প্ৰতিষ্ঠা হোৱা পৰিষদখনে এই পৰ্য্যন্ত কিমান বিকশিত কৰি তুলিছে নিজৰ জাতি মাটিক এই মুহূৰ্তত এইয়া এক গুৰুত্বপুৰ্ণ প্ৰশ্ন! বিগত ৬৫ টা বছৰে পৰিষদখনৰ শাসনৰ বাঘজৰী হাতত লোৱা সকলে কেনেদৰে সহজ সৰল পাহাৰীয়া ৰাইজৰ উন্নয়নৰ নামত অহা ধন লুন্ঠন কৰি জনতাৰ জীৱন দুৰ্বিষহ কৰি তুলিছে তাৰ এক ভয়াবহ ছবি উদঙাই দিছে পৰিষদখনৰ চ’ছেং সমষ্টিৰ অন্তৰ্গত ৰংমান্ডু নামৰ গাঁও খনে। যোৱা দহ বছৰে এচ ডি চি, কংগ্ৰেছ আৰু বিজেপি দলৰ পৰা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আহিছে দল বাগৰাত সিদ্ধহস্ত দহ বছৰে পৰিষদীয় চৰকাৰত গুৰুত্বপুৰ্ণ বিভাগৰ কাৰ্যবাহী সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা ন-বিজেপি ৰূপছিং তেৰণে। এইবাৰো সমষ্টটোৰ বাবে বিজেপি দলৰ পৰা প্ৰাৰ্থীত্ব লাভ কৰিছে সমষ্টিটোৰ উন্নয়নত কোনো দিনে গুৰুত্ব নিদিয়া তেৰণে। হামৰেণ চহৰৰ পৰা মাত্ৰ ১২ কি:মি: দুৰত্বত অবস্থিত গাঁওখনত উন্নয়নৰ নামত দেখা পোৱা গল মাথো শূণ্য। এই গাঁওখন আকৌ বৈঠালাংছ’ৰ বিধায়ক মানছিং ৰংপীৰ পৈতৃক গাঁও। পিছে বিধায়কজনৰ পিতৃ প্ৰাক্তন মন্ত্ৰী ধনীৰাম ৰংপীৰ এই ৰংমান্ডু গাঁৱত নাই বিশুদ্ধ খোৱা পানীৰ বাবে কোনো চৰকাৰী ব্যৱস্থা। জনপ্ৰতিনিধি গৰাকীৰ কৃপাত বৰ্তমান গাঁওবাসীয়ে অস্বাস্থ্যকৰ এটি জুৰিৰ পানী খাই জীৱন নিৰ্বাহ কৰি আছে। গাঁওখনৰ দুৰ্ভগীয়া বাসিন্দাসকলে অতি আশাৰে এক আবেগিক সম্পৰ্ক থকা মানছিং ৰংপীক কংগ্ৰেছ,বিজেপি দলৰ পৰা একেৰাহে তিনিবাৰকৈ বিধায়ক নিৰ্বাচিত কৰি পঠিয়ালে যদিও গাঁওখনৰ উন্নয়নলৈ সম্পূৰ্ণ পিঠি দিয়া পৰিষদীয় সদস্য গৰাকীৰ পথ অনুসৰণ কৰি বিধায়ক গৰাকীয়েও কোনোদিনে গুৰুত্ব নিদিলে। গাঁওখনত থকা বিধায়ক গৰাকীৰ আত্মীয় সকলেও জুৰিৰ পানীকে সেৱন কৰিবলৈ বাধ্য হৈছে। শিক্ষাৰ নামত গাঁওখনত এটা প্ৰাথমিক বিদ্যালয় আছে যদিও তাতো শিক্ষকৰ অভাৱকে ধৰি আন্ত:গাঁথনি একেবাৰে নিম্নমানৰ। চিকিৎসাৰ নামতো গাঁওখনত এটি উপ-স্বাস্থ্য কেন্দ্ৰ আছে যদিও সপ্তাহত এদিন মাথো বুধবাৰেহে তাত অলপ সময়ৰ কাৰণে বিষয়া কৰ্মী উপস্থিত হয়। বিদ্যুত বিভাগৰ পৰা যোৱা পাঁচ বছৰ পূৰ্বে খুটা পুতি তাঁৰ সংযোগ কৰি ট্ৰেন্চফৰমাৰো স্থাপন কৰা হয় যদিও আজিলৈকে নহ’ল ৰহস্যজনক কাৰণত বিদুৎ সংযোগ। একমাত্ৰ নিৰ্বাচনৰ সময়ত ভোট বিচাৰি অহাৰ বাহিৰে কোনোদিনে গাঁওবাসীৰ চিন্তা কৰা নাই পৰিষদীয় প্ৰতিনিধি ৰূপছিং তেৰণ বা বিধায়ক মানছিং ৰংপীৰ।

Related Articles

Leave a Reply

Close