অসমৰাষ্ট্ৰীয়

এইবাৰ বংগত ছিকিমৰ বাহন চলাচলত বাধা : পৰ্যটনলৈ সংকট

নিউজ ডেস্ক,প্ৰথম খবৰ: পৰ্যটনৰ বাবে বিখ্যাত দাৰ্জিলিঙৰ পিচত এইবাৰ আন এখন পৰ্যটন ৰাজ্য ছিকিমলৈও সংকট নামি আহিছে৷ বিগত দিনসমূহত পশ্চিমবংগৰ বাহন ছিকিমত প্ৰবেশ কৰিবলৈ নিদিয়াৰ ক্ষোভত আজি পশ্চিমবংগৰ শিলিগুৰিটো ছিকিমৰ গাড়ী চলাচলৰ ক্ষেত্ৰত বংগৰ চালকসকলে বাধাপ্ৰদান কৰে৷ চালকসকলে ৰাজপথত নামি বাছ ষ্টেণ্ড আৰু বিমান বন্দৰলৈ ছিকিমৰ যান-বাহন চলাচলত বাধা দিয়ে৷ একাংশই গাড়ীত আক্ৰমণো কৰে৷ উল্লেখ্য যে দাৰ্জিলিঙত হিংসাত্মক পৰিস্থিতি উদ্ভৱ হোৱাৰ পিচতে প্ৰতিবাদকাৰীয়ে দাৰ্জিলিঙৰ মাজেৰে পশ্চিমবংগৰ গাড়ী ছিকিমলৈ যোৱাৰ ক্ষেত্ৰত বাধা প্ৰদান কৰাৰ লগতে ভাবুকিও দিয়া বুলি অভিযোগ উঠিছে৷

(ফটো- শিলিগুৰি টাইমছ’ৰ সৌজন্যত)

Related Articles

Leave a Reply

Close