অসম

এটাৰ পিছত আনটো অপৰাধমূলক ঘটনাই কঁপাইছে হাজো

প্ৰথম খবৰ, হাজো: অপৰাধীৰ নিৰাপদ আশ্ৰয়স্থলীলৈ পৰিণত হাজো। অপৰাধীক নিয়ন্ত্ৰণত ব্যৰ্থ আৰক্ষী। নিশা হাজোৰ খোপনিকুছিত শিহৰণকাৰী ঘটনা। গাড়ী চালকৰ ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি যাত্ৰীৰূপী ডকাইতে গাড়ী হাইজেকৰ চেষ্টা। AS-01-HC-5952 নম্বৰৰ টাটা মেজিক খন মালিগাঁও বৰিপাৰাৰ পৰা নলবাৰীৰ বিজুলিঘাটতলৈ ভাড়ালৈ লৈছিল। আৰু নিশা হাজোৰ খোপনিকুছিত যাত্ৰী ৰূপী দুৰ্ধৰ্ষ ডকাইতে চালক ৰাজ্জা আলীক ডিঙিত চোকা অস্ত্ৰৰে আক্ৰমণ কৰি গাড়ী লৈ পলাব খোজোতে চিঞৰ বাখৰ শুনি ৰাইজে খেদি খেদি কৰায়ত্ব কৰিলে আলীমুদ্দিন আহমেদ নামৰ এজন ডকাইতক আৰু আন জন ডকাইত পলাই সাৰে। নিশাৰ হাজোত সংঘটিত এই ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। আৰক্ষীয়ে এই সমগ্ৰ ঘটনা সন্দৰ্ভত আৰম্ভ কৰিছে তদন্ত। কিন্তু এই ডকাইটি কাণ্ডৰ গেংৰ অন্যান্য সকল আৰক্ষীৰ জালত পৰিব কেতিয়া?

Related Articles

Leave a Reply

Close