অসমশীৰ্ষ

ঐ ৰাম ৰেহেনাৰ বিয়া হে! অসমৰ গীটাৰিষ্টৰ সৈতে আমেৰিকাৰ ৰেহেনাৰ বিয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰেহেনাক মনত আছেনে? প্ৰায় দুবছৰ পূৰ্বে পাপনৰ সৈতে অসমৰ বিহু মঞ্চত দেখা গৈছিল ৰেহেনাক৷ আমেৰিকাৰ যুৱতী ৰেহেনাই অসমলৈ গৱেষণা কৰিবলৈ প্ৰেমত পৰিছিল অসমৰ৷ এতিয়া বিয়াই পাতিলে অসমীয়া যুৱকক৷ দুবছৰ পূৰ্বে গৱেষণা কৰিবলৈ পাপনৰ সৈতে গীত গোৱাৰ সময়তে লগ পাইছিল গীটাৰ বাদক জিণ্টিক৷ এতিয়া দুবছৰ পিছত অসমলৈ আহি যোৰহাটৰ যুৱক জিণ্টিৰ সৈতে আইনী প্ৰক্ৰিয়াৰে বিবাহপাশত আৱদ্ধ হ’ল৷ যোৰহাটত মঙলবাৰে বিবাহপাশত আৱদ্ধ হৈ জীৱনসংগী জিণ্টিৰ গৃহত উপস্থিত হ’ল৷ সেওঁতাত সেন্দুৰ লৈ সঁচা অৰ্থত অসমৰ বোৱাৰী হ’ল আমেৰিকাৰ দুহিতা ৰেহেনা

Related Articles

Leave a Reply

Close