অসম

ওডালগুৰিৰ বালিসিঠাত জলসিঞ্চন প্ৰকল্প উদ্বোধন

প্ৰথম খবৰ,টংলা: ওদালগুৰি জিলাৰ বালিসিঠাত জলসিঞ্চন প্ৰকল্প এটা আজি বিটিচিৰ বিভাগীয় কাৰ্যবাহী সদস্য ৰাজীৱ ব্ৰহ্মই শুভ উদ্বোধন কৰে ৷ কল্যানী নদীৰ ওপৰত এফ আই চি ২০১৩-১৪ বৰ্ষৰ আঁচনিৰ কেইবা লাখ টকা ব্যয়ৰে বিভাগটোৰ টংলা উপ-সংমণ্ডলৰ অধীনত নিৰ্মান সম্পুৰ্ন কৰা প্ৰকল্পটোয়ে অঞ্চলটোৰ এলাবাৰী,বালিসিঠা,আলিকাষ আদি প্ৰায় দহখন গাঁৱৰ তিনিহাজাৰ বিঘা কৃষি ভূমি উপকৃত হ’ব বুলি উদ্বোধনী ভাষনত কাৰ্যবাহী সদস্যজনে ৰাইজক ব্যক্ত কৰে ৷

Related Articles

Leave a Reply

Close