অসম

ওদালগুৰিত এজনক যাৱজ্জীৱন কাৰাদণ্ড

প্ৰথম খবৰ,ওদালগুৰি: হত্যাৰ অপৰাধত ওদালগুৰি জিলাৰ মাজবাট আদৰ্শ গাওৰ ৰাজেন বড়োক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে। প্ৰাপ্ত তথ্য মতে মাজবাটৰ আদৰ্শ গাওৰ বুধু ব্ৰহ্মা সৈতে ৰাজেনৰ ব্যক্তিগত সংঘাতৰ সৃষ্টি হয় যোৱা ১৭-৭-২০১৪ তাৰিখে। খঙত ৰাজেনে হাতুৰীৰে আঘাত কৰাত বুধুৰ মৃত্যু হয়। হত্যাৰ অপৰাধত মাজবাট আৰক্ষীয়ে ৰাজেনক আটক কৰি আদালতলৈ প্ৰেৰণৰ কৰে। ওদালগুৰি জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতৰ পঞ্জীয়নভূক্ত 124/14-u/s 302 নম্বৰৰ গোচৰৰ ভিত্তিত আজি জিলা আৰু সত্ৰ ন্যায়ধীশ সোনেকা বৰাৰ আদালতে ৰাজেন বড়োক যাৱজ্জীৱন কাৰাদণ্ডৰ নিৰ্দেশ দিয়ে।

Related Articles

Leave a Reply

Close