Uncategorizedঅসম
“কংগ্ৰেছ দল আৰু তৰুণ গগৈ পুৰণি পাঁচশ আৰু হাজাৰ টকা নোটৰ দৰে” : লামডিংৰ বিধায়ক শিৱ মিশ্ৰৰ কটাক্ষ

প্ৰথম খবৰ,লামডিং: ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্রী তৰুণ গগৈ বৰ্তমানে বেক ডেটেট। বৰ্তমান ৰাজনীতিত তেওঁৰ কোনো দাম নাই। পুৰণি কেইদিন মান আগত তৰুণ গগৈ সংবাদ মেলত কৈছেল যে বিজেপি চৰকাৰে ৰাজ্যত বিভাজনৰ ৰাজনীতি কৰিছে। তৰুণ গগৈয়ে বিভিন্ন সময়ত সংবাদ মেল কৰি মোদী চৰকাৰ সমালোচনা কৰে। মোদী চৰকাৰ ৰ বিৰুদ্ধে তৰুণ গগৈৰ অভিযোগ কিমান সঁচা এই সম্পৰ্কত লামডিংৰ বিধায়কক সাংবাদিকৰ এক প্ৰশ্নৰ উত্তৰত লামডিংৰ বিধায়ক গৰাকীয়ে এনেদৰে মন্তব্য কৰে। পোন প্ৰথম বাৰে নিৰ্বাচিত হৈ বিধায়ক হোৱা লামডিং সমষ্টিৰ বিধায়ক শিৱ মিশ্ৰৰ দীৰ্ঘ দিন ৰাজনীতিক অভিজ্ঞতা থকা তৰুণ গগৈৰ সম্পৰ্কত এনে মন্তব্য কাৰ্বি অলং নিৰ্বাচনত প্ৰভাৱ পেলাব লৈ সক্ষম হবনে এয়া হব লক্ষণীয়?