অসম

কংগ্ৰেছ নেতাক হত্যাৰ প্ৰতিবাদত আজি লক্ষীমপুৰ,ধেমাজি জিলা বন্ধ

প্ৰথম খবৰ,ধেমাজি: লক্ষীমপুৰ জিলাৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী গুলজাৰ খানক যোৱা ২১ জুনত আৰু ধেমাজি জিলাৰ সক্ৰিয় কংগ্ৰেছ কৰ্মী হিৰন্য দলেক যোৱা ২৪ জুনত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰাৰ প্ৰতিবাদত আজি ১২ ঘন্টীয়া লক্ষীমপুৰ আৰু ধেমাজি জিলা বন্ধ ঘোষনা কৰিছে লক্ষীমপুৰ লোক সভা সমষ্টি যুৱ কংগ্ৰেছে ৷ ধেমাজিত এই বন্ধৰ প্ৰভাৱ সম্পুৰ্ণ ৰূপত পৰা দেখা গৈছে ৷ সকলোবোৰ ব্যৱসায়িক প্ৰতিস্হান তথা ৰাজহুৱা যাতায়ত ব্যৱস্হা বন্ধ হৈ পৰা দেখা গৈছে ৷ আনহাতে পূৱাই যুৱ কংগ্ৰেছৰ সদস্য সকলে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৰাৰ লগতে গুলজাৰ খান আৰু হিৰন্য দলেৰ হত্যাকাৰীৰ উচিত বিচাৰৰ দাবী তোলে ৷

Related Articles

Leave a Reply

Close