অসম

কলগাছিয়াত মদ্যপান কৰি উদ্ভাণ্ডালি কৰা দুই যুৱকক আটক

প্ৰথম খবৰ,কলগাছিয়া: কলগাছিয়াৰ বৰভিটা আৰক্ষী চকীৰ অন্তৰ্গত দাৱনদিয়া গাৱত যোৱা নিশা মদ্যপান কৰি এগৰাকী ইমামক আক্ৰমণ কৰা দুগৰাকী যুৱকক উত্তম মাধ্যম শোধাই আৰক্ষীক চমজাই দিয়ে। নিশা ৯.৩০ মান বজাত মৌলানা মনছেৰ আলীয়ে তাৰবীৰ নামাজ শেষ কৰি ঘৰলৈ ওভতাৰ সময়ত ৰাজপথত ৫-৬ জনীয়া এটা মদাহীৰ দলে তেওক আক্ৰমন কৰে। মৌলানা মনছেৰ আলীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াই ওলাই আহি মদাহী আজিজুল হক আৰু হাবিজুল ইছলামৰ এই দুই যুৱকক আটক কৰে যদিও আব্দুল ৰেজ্জাক,হোছেন আলী আৰু আনছেৰ আলী নামৰ আন তিনিজন মদাহী এন্ধাৰৰ সুযোগ লৈ পলাই যায়। আটকাধীন ইয়াৰে তাপেশ্বৰা গাৱৰ দুই যুৱকক ৰাইজে উত্তম মাধ্যম দি জোতাৰ মালা পিন্ধাই বৰভিটা আৰক্ষীক চমজাই দিয়ে।

Related Articles

Leave a Reply

Close