
প্ৰথম খবৰ,কলিয়াবৰ: মাত্ৰ এমাহতে ভাঙিল গ্ৰামোন্নয়নৰ ৪২ লাখ টকীয়া পথ। কলিয়াবৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত হাটবৰ গাওঁ পঞ্চায়ত এলেকাৰ বামুণিৰ পৰা কঠালচাং লৈ কলিয়াবৰ আঞ্চলিক পঞ্চায়তে ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আচঁনি চমুকৈ MGNREGA ৰ অধীনত মাত্ৰ এমাহ পূৰ্বে নিৰ্মাণ কৰিছিল ৪২ লাখ টকীয়া পকী পথ। নিৰ্মান কাৰ্য্য সম্পূৰ্ণ হোৱাৰ পাছতে স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত ই পথটোৰ উদ্ঘাটন কৰিছিল। কিন্ত উদ্ঘাটন কৰা এমাহ সম্পূৰ্ণ নৌ হওতেই পথটোৰ পকী ইটা সুলকি ভাঙি খণ্ড-খণ্ড হোৱাত পথচোৱা যাতায়তৰ অনুপযোগী হৈ পৰে। স্বাধীনতাৰ ৭০ বছৰৰ পাছত স্থানীয় গাওঁ বাসীয়ে পথটো উন্নয়ন দেখি সন্তুষ্টি লাভ কৰিছিল যদিও আজিৰ অৱস্থাই ক্ষুব্ধ কৰি তুলিছে স্থানীয় ৰাইজক। সুগম যাতায়তৰ সপোন দেখিছিল গাওঁ বাসীয়ে। কিন্ত সপোন চাৰখাৰ হল গাওঁ বাসীৰ লগতে পথটোৰে অহা-যোৱা কৰা ছাত্ৰ-ছাত্ৰী সকলৰো। একাংশ পঞ্চায়ত প্ৰতিনিধি তথা কৰ্মীৰ পৰা বিষয়া কৰ্মচাৰীয়ে আচঁনিৰ সিংহভাগ ধন আত্মসাৎ কৰি নিম্ন মানেৰে পথটো নিৰ্মাণ কৰাৰ অভিযোগ আনিছে স্থানীয় গাওঁবাসীয়ে। যোৱা ১৩/৫/২০১৭ তাৰিখে স্থানীয় বিধায়ক তথা ৰাজ্য চৰকাৰৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত ই শুভ উদ্ধোধন কৰা এই পথটি উদ্ধোধনৰ এটা মাহৰ ভিতৰত এনেদৰে ভাঙি যোৱাত পথ বন্ধ বুলি ফলক আৰি দায় সাৰিব বিছাৰিছে কলিয়াবৰ আঞ্চলিক পঞ্চায়তে।