অসম

কলিয়াবৰৰ পৰা বোকাখাটলৈ নিৰ্মাণ হ’ব উৰণীয়া সেঁতু

প্ৰথম খবৰ,কাজিৰঙা: কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথত নিৰ্মাণ কৰা হ’ব উৰণীয়া সেতু ৷ উল্লেখ্য যে ৰাজ্যত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত চাৰি লেন যুক্ত পথলৈ উন্নীত কৰা প্ৰক্ৰিয়া চলি থকা সময়ত নগাঁৱৰ কলিয়াবৰৰ পৰা গোলাঘাটৰ বোকাখাতলৈকে ৩৭ নং ৰাষ্ট্ৰীয় পথ চোৱা চাৰিলেনলৈ উন্নীত কৰাত অনিশ্চয়তাৰ সৃষ্টি হৈ আহিছে ৷ কলিয়াবৰৰ পৰা বোকাখাতলৈকে বৃহৎ এলেকাৰ পথচোৱা চাৰিলেন যুক্ত পথলৈ উন্নীত কৰাৰ বাবে বিভিন্ন সময়ত দল সংগঠনে দাবী জনাই আহিছে যদিও চৰকাৰৰ পৰা অদ্যপি কোনো সহাঁৰি লাভ কৰা নাই ৷ ইয়াৰ মাজতে অহা ১ জুলাইত বন মহোৎসৱ উপলক্ষে কলিয়াবৰৰ পৰা বোকাখাতলৈকে পথচোৱাৰ দুয়োকাষে গছপুলি ৰোপন কৰিব খোজা মূখ্যমন্ত্ৰীৰ আঁচনিয়ে সন্দিহান কৰি তুলিছে দল সংগঠনক ৷ এনে সময়তে কাজিৰঙাত মন্ত্ৰী কেশৱ মহন্ত আৰু অতুল বৰাই সদৰি কৰে যে কলিয়াবৰৰ পৰা বোকাখাতলৈ ৩৭ নং ৰাষ্ট্ৰীয় পথ চোৱাৰ ঠায়ে ঠায়ে চাৰিলেনৰ বিকল্প হিচাবে নিৰ্মান কৰা হ’ব উৰণীয়া সেঁতু ৷ কেন্দ্ৰীয় চৰকাৰে ইয়াৰ ডিপিআৰ প্ৰস্তুত কৰি আছে ৷

Related Articles

Leave a Reply

Close