অসম

কলিয়াবৰ মহকুমাৰ ভুৰবন্ধাত গৰাখহনীয়াৰ কালৰূপ: গৃহহীন শতাধিক পৰিয়াল

প্ৰথম খবৰ,কলিয়াবৰ: কলিয়াবৰৰ ভুৰবন্ধা অঞ্চলত ব্ৰহ্মপুত্ৰ নৈৰ প্ৰৱল গড়া খহনীয়াই আতংকিত কৰি তুলিছে গাঁওবাসীক। ইতিমধ্যে গৃহহীন হৈছে শতাধিক পৰিয়াল। চকুৰ সন্মুখতে সপোনৰ ঘৰখন ব্ৰহ্মপুত্ৰ নৈৰ বুকুত জাহ যোৱা দৃশ্য প্ৰত্যক্ষ কৰা দুৰ্ভগীয়া এই পৰিয়াল সমূহৰ বিননি শুনিবলৈ চৰকাৰ খনৰ যেন সময়েই নাই। উৎসৱ-পাৰ্বণত ব্যস্ত থকা চৰকাৰ খনৰ জলসম্পদ বিভাগে তিনিডাল বাঁহত চাৰিটাকৈ বালিৰ বস্তা বান্ধি ব্ৰহ্মপুত্ৰ নৈৰ গড়াখহনীয়া প্ৰতিৰোধৰ নিৰ্লজ চেষ্টা চলোৱাত ক্ষুব্ধ হৈ পৰিছে ভূক্তভোগী পৰিয়ালসমূহ।দৈনিক ১০ ৰ পৰা ১৫- ২০ মিটাৰ পয্যন্ত ভূমিত ব্ৰহ্মপুত্ৰ নৈৰ খহনীয়া অব্যহত থকাত অঞ্চলবাসীয়ে ঘৰবাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় ল’ব লগা হৈছে। কৃষি ভূমিৰ ফচল চকুৰ সন্মুখতে জাহ গৈছে নৈৰ বুকুত। অঙ্গনবাড়ী কেন্দ্ৰ এটাও ভাঙি পেলোৱা হৈছে। ইমানৰ পাছতো জিলা প্ৰশাসনৰ কোনো লোক খহনীয়া পীড়িত অঞ্চললৈ ভুমুকি মৰা নাই বুলি অভিযোগ উত্থাপিত হৈছে। চৰকাৰী ভাবে সাহায্য আহিলে দালাল চক্ৰ ই আত্মসাৎ কৰে বুলিও অভিযোগ উঠিছে। পৰিনতিত দুৰ্ভগীয়া পৰিয়াল সমূহ বঞ্চিত হ’ব লগা হয় প্ৰাপ্য চৰকাৰী সাহায্যৰ পৰা। স্বয়ং জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ গৃহ জিলাত বান খহনীয়াই কালৰূপ ধাৰণ কৰাত জলসম্পদ বিভাগে বান খহনীয়া প্ৰতিৰোধৰ নামত কোটি কোটি টকাৰ শৰাধ কৰিছে বুলিও অভিযোগ উত্থাপিত হৈছে। অন্যহাতেদি বান খহনীয়াই গৃহহীন কৰা পৰিয়াল সমূহক পুনৰ সংস্থাপন দিয়াৰ লগতে বান্ধ খহনীয়া প্ৰতিৰোধৰ স্থায়ী সমাধান কৰিবলৈ মন্ত্ৰী কেশৱ মহন্তলৈ দাবী জনাইছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Close