অসমশীৰ্ষ

আজি কাৰ্বি পাহাৰত বেলটৰ মহাযুদ্ধ : ৫,৯৭,৬২৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য

প্ৰথম খবৰ, হাওৰাঘাট: প্ৰস্তুতি শেষ! আজি কাৰ্বি পাহাৰত ভোটযুদ্ধ। হয়, সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই আজি কাৰ্বি পাহাৰত অনুষ্ঠিত হয় দ্বাদশ সাধাৰণ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিতে অনুষ্ঠিত হ’ব লগা এই নিৰ্বাচনৰ বাবে সাজু প্ৰসাশন ৷ আজি ৫,৯৭,৬২৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব ১৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ মুঠ পুৰুষ ভোটাৰ ৩,০৬,৮০১ আৰু মহিলা ভোটাৰৰ সংখ্যা ২,ৡ০,৮২৭ গৰাকী ৷ মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮১৩ টা। ইয়াৰে স্পৰ্শকাতৰ ২৬৯, অতি স্পৰ্শকাতৰ ১৭২ আৰু নিৰাপদ ৩৭২ টা ভোটগ্ৰহণ কেন্দ্ৰ। সকলো পক্ষই এইবাৰৰ কাৰ্বি পাহাৰৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে পাৰ হোৱাৰ কামনা কৰিছে যদিও বতৰে দিনটোত বিধি-পথালি দিয়াৰ সম্ভাৱনা আছে ৷

Related Articles

Leave a Reply

Close