অসমশীৰ্ষ

কামপুৰত কৃত্ৰিম বানৰ ভয়ংকৰ ৰূপ

প্ৰথম খবৰ,  কামপুৰ: কামপুৰত কৃত্ৰিম বানে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নেৰা নেপেৰা বৰষুণৰ ফলত চাৰি পাঁচ দিন ধৰি পানীৰ তলত কামপুৰ নগৰৰ বহুকেইটা পৰিয়াল আৰু ব্যৱসায়িক প্ৰতিষ্ঠান।  কামপুৰ ৰে’ল কলনি, বৰুৱা মাৰ্কেটৰ কেইবাটাও পৰিয়াল আৰু কেইখনো দোকান বৰ্তমানেও পানীৰ তলতে আছে। ইফালে কামপুৰ নগৰ সমিতিৰ বিৰুদ্ধে উঠিছে নিৰ্লিপ্ততাৰ অভিযোগ। কৃত্ৰিম বানৰ কবলত পৰা সকলে কামপুৰ নগৰ সমিতিত গৈয়ো কোনো সুফল পোৱা নাই। বিজ্ঞানসন্মতভাৱে নগৰখনৰ নলাবোৰ নিৰ্মাণ নকৰাত নগৰখনত সৃষ্টি হৈছে এই কৃত্ৰিম বান। কামপুৰৰ ৰাজপথত ছাত্ৰ ছাত্ৰীয়ে মাছ ধৰিব পৰা পৰিবেশৰ সৃষ্টি হৈছে।

ইফালে ফেনে ফোটোকাৰে কপিলী আৰু বৰপানী নদী দুখন বাঢ়ি অহাত শংকাত পৰিছে দুয়োখন নৈৰ পাৰৰ ৰাইজ।

Related Articles

Leave a Reply

Close