অসম

কামপুৰত সম্বৰ্ধনা সভা

প্ৰথম খবৰ,কামপুৰ: সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কামপুৰ কেন্দ্ৰৰ ভিতৰত কৃতিত্বৰে উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনায় কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত । কামপুৰ পৰীক্ষা পৰিচলনা সমিতিৰ উদ্যোগত অনুস্থিত হোৱা সম্বর্ধনা অনুষ্ঠানত কামপুৰ কেন্দ্ৰৰ উচ্চতৰ মাধ্যমিক শাখাৰ ১৫১ গৰাকী আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষাত ১০৮ গৰাকী কৃতী ছাত্ৰ ছাত্ৰীক সম্বর্ধনা জনায় । এই অনুষ্ঠানতে উচ্চতৰ মাধ্যমিক শাখাত অসমৰ ভিতৰত অসমীয়াত সৰ্ব্বোচ নম্বৰ পোৱা কচুৱা জুনিয়ৰ কলেজৰ ফৰমিনা আহমেদকো সম্বর্ধনা জনায় । কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ত অনুষ্ঠিত হোৱা অভিনন্দন অনুষ্ঠানৰ মুকলি সভাত সভাপতিত্ব কৰে কামপুৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ সভাৰাম মজুমদাৰে। অভিনন্দন অনুষ্ঠানত কামপুৰ কেন্দ্ৰৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱা বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক নগদ ধন , মানপত্ৰ আৰু গামোচাৰে অভিনন্দন জনাই । সভাত কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা বুলবুল খানম , কামপুৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি যতীন বৰা আৰু কামপুৰ জ্যেষ্ঠ নাগৰিক সন্থাৰ সভাপতি কমলেশ্বৰম গোঁহাইকে প্ৰাক্তন অধ্যক্ষ পুণিৰাম শইকীয়াকে কেইবাগৰাকী শিক্ষাবিদ উপস্থিত থাকে।

Related Articles

Leave a Reply

Close