অসমশীৰ্ষ

কাৰ্বি পাহাৰত সেৰেঙা উপস্থিতেৰে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া, নেৰানেপেৰা বৰষুণে বিধি পথালি দিছে ভোট গ্ৰহণ প্ৰক্ৰিয়াত

প্ৰথম খবৰ, খেৰণি: সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই কাৰ্বি পাহাৰত আৰম্ভ হ’ল দ্বাদশ কাৰ্বি পৰিষদীয় সাধাৰণ নিৰ্বাচন। কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ ২৬ টা পৰিষদীয় সমষ্টিতে নিৰ্বাচনী আয়োগ আৰু প্ৰসাশনে ব্যাপক তৎপৰতাৰে চলাই গৈছে নিৰ্বাচনী ভোট গ্ৰহন প্ৰক্ৰিয়া ৷ উল্লেখ্য যে মুঠ ৫,৯৭,৬২৮ গৰাকী ভোটাৰে নিৰ্ণয় কৰিব আ ১৬৬ গৰাকী প্ৰাৰ্থীৰ ভাগ্য ৷ য’ত মুঠ ৩,০৬,৮০১ গৰাকী পুৰুষ ভোটাৰৰ বিপৰীতে মহিলা ভোটাৰৰ সংখ্যা ২,৯০,৮২৭ গৰাকী৷ আনহাতে মুঠ ভোটগ্ৰহণ কেন্দ্ৰ ৮১৩ টাকৈ থকাৰ বিপৰীতে ইয়াৰে স্পৰ্শকাতৰ ২৬৯, অতি স্পৰ্শকাতৰ ১৭২ আৰু নিৰাপদ ৩৭২ টা ভোটগ্ৰহণ কেন্দ্ৰ অৱস্থিত। কিন্তু অতিকৈ গুৰুত্বপূৰ্ণ যে সকলো পক্ষই এইবাৰৰ কাৰ্বি পাহাৰৰ নিৰ্বাচন শান্তিপূৰ্ণভাৱে পাৰ হোৱাৰ কামনা কৰিছে যদিও নেৰানেপেৰা বৰষুণৰ বতৰে বিধি-পথালি দিছে চলিত নিৰ্বাচনী ভোট গ্ৰহণ প্ৰক্ৰিয়াত৷ যাৰ পৰিপ্ৰেক্ষিতত কাৰ্বি পাহাৰত সেৰেঙা উপস্থিতেৰে আৰু ভোটদানৰ হাৰ অতি লেহেম গতিৰে চলিছে ভোট গ্ৰহণ প্ৰক্ৰিয়া৷ ফলস্বৰূপে নেতা কৰ্মী আৰু নিৰ্বাচনী প্ৰতিদণ্ডিতাত যুঁজ দিয়া প্ৰাৰ্থীয়ে সমগ্ৰ কাৰ্বি আংলঙতে ভোটদানৰ হাৰ পূৰ্বৰ তুলনাত হ্ৰাস পোৱাৰ সন্দেহ প্ৰকাশৰ লগতে নিৰ্বাচনী ফলাফলত কিছু প্ৰভাৱ পেলাব বুলি মন্তব্য কৰিছে৷

Related Articles

Leave a Reply

Close