অসম

কৃষক মুক্তিৰ সমদলে উত্তাল কৰি তুলিলে শিৱসাগৰ নগৰ

প্ৰথম খবৰ, শিৱসাগৰ: কেন্দ্ৰীয় বিজেপি চৰকাৰৰ সাম্প্ৰদায়িক নীতিৰ আৰু মধ্যপ্ৰদেশত ৬জন কৃষক বিজেপি চৰকাৰে হত্যা কৰা অভিযোগত শিৱসাগৰত কৃষ্ণক মুক্তি সংগ্ৰাম সমিতিয়ে উলিওৱা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচীৰ প্ৰতিবাদী সমদলে শিৱসাগৰ নগৰৰ আকাশৰ বতাহৰ গৰম কৰি তোলে। বিজেপি চৰকাৰ হায় হায়, বিজেপি চৰকাৰ নিপাত যাওঁক ৰূদ্ৰসাগৰ অ’এনজিচিৰ দ্বাৰা ক্ষতি হোৱা কৃষকক ক্ষতিপূৰণ প্ৰদান কৰক, কৃষকৰ তেজ শুহি খোৱা বিজেপি চৰকাৰ হুচিয়াৰ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল কৰি তোলা সমদলৰ কেইবাশ কৃষক মুক্তিৰ কৰ্মীয়ে ঘণ্টা জুৰি শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয় ঘেৰাও কৰি ৰাখে। লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দাবী তুলিছে অসমত সম্প্ৰতি বিজেপি চৰকাৰখন কোনো উন্নয়নত গুৰুত্ব প্ৰদান নকৰি অসমৰ জে’লসমূহত কয়দী বৃদ্ধি কৰিহে চমক সৃষ্টি কৰিছে। অৱশেষত এজন দণ্ডাধীশৰ জৰিয়তে জিলা উপায়ুক্তক এখন স্মাৰক প্ৰদান কৰে  প্ৰতিবাদকাৰীসকলে।

Related Articles

Leave a Reply

Close