অসম

কৃষ্ণাইত ৰাইজে জব্দ কৰিলে চোৰাং গৰু ভৰ্ত্তি ট্ৰাক

প্ৰথম খবৰ,কৃষ্ণাই: ৰাজ্যত অব্যাহত আছে চোৰাং গৰুৰ ৰমৰমীয়া ব্যৱসায় ৷ অকল ব্ৰহ্মপুত্ৰত নাৱেঁৰে নহয় স্থলপথেদিও চলিছে বাংলাদেশলৈ গৰুৰ অবৈধ সৰবৰাহ ৷ এই কথা আকৌ এবাৰ প্ৰমাণ হ’ল যোৱানিশা ৷ যোৱা নিশা গোৱালপাৰা জিলাৰ কৃষ্ণাইৰ পাইকানত স্থানীয় ৰাইজে AS18C-3877 নম্বৰৰ গৰুভৰ্তি ট্ৰাক এখন জব্দ কৰি কৃষ্ণাই আৰক্ষীক চমজাই দিয়ে ৷ ট্ৰাক খনত মুঠ ২১ টা গৰু আছিল ৷ এই গৰুবোৰৰ মুল্য প্ৰায় ৫ লাখ টকা হ’ব ৷ জানিব পৰামতে,জিলাখনৰ লক্ষীপুৰ বজাৰৰ পৰা গৰুভৰ্ত্তি এই ট্ৰাকখন মেঘালয় হৈ বাংলাদেশলৈ গৈ আছিল ৷ ইফালে কৃষ্ণাই আৰক্ষীৰ চকুৰ সন্মুখতেই অতি কৌশলেৰে চালক হেণ্ডিমেন দুজন পলায়ন কৰিবলৈ সক্ষম হয় ৷ অভিযোগ অনুসৰি গোৱালপাৰা আৰক্ষীক মেনেজ কৰি গৰুৰ চোৰাং ব্যৱসায়ী সকলে এনেদৰে ৰাষ্ট্ৰীয় ঘাইপথেৰে নিশা ট্ৰাকেৰে চলাই গৈছে গৰুৰ ৰমৰমীয়া ব্যৱসায় ৷ অকল জলপথ ন’হয় স্থলপথৰেও নিতৌ চলি আছে গৰুৰ চোৰাং ব্যৱসায় ৷ কিন্তু গোৱালপাৰা আৰক্ষীয়ে চকু মুদা কুলিৰ ভাও ধৰা কাৰ্যই জিলাবাসীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷

Related Articles

Leave a Reply

Close