অসম

খুমটাইত দুৰ্যোগ প্ৰশমনৰ বাবে শোভাযাত্ৰা

প্ৰথম খবৰ, খুমটাই : আজি গোলাঘাট জিলাৰ খুমটাই মৌজাৰ কচুপথাৰ পঞ্চায়তৰ অন্তৰ্গত বৰুৱা কছুপথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়, কচুপথাৰ শঙ্কৰদেৱ শিশু নিকেতন, কচুপথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ২০০ জন ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী সহযোগত এক পৰিৱেশ সচেতনতাৰ ওপৰত শোভাযাত্ৰা উলিয়াই । উল্লেখ যে ছাত্ৰ ছাত্ৰী সকলৰ হাতে হাতে দেখা গ’ল বিভিন্ন ধৰণৰ পষ্টাৰ যেনে গছ গছনি সংৰক্ষণ, দুচকীয়া বাহন গৰাকী হেলমেট পৰিধান বাহন চলোৱা , মাদক দ্ৰব্য বন্ধ কৰক, গছ থাকিলেহে মানুহ থাকিব, গাড়ী মটৰ চাইকেল আৰু চাইকেল চলাওঁতে ম’ৱাইল বন্ধ কৰক ,ট্ৰেফিক আইন মানি চলক আদি পষ্টাৰ লৈ এক বৃহৎ শোভাযাত্ৰা উলিয়াই । জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ গোলাঘাট আৰু খুমটাই ৰাজহ চক্ৰ আয়োজন কৰা অনুষ্ঠানত উপস্থিত থাকে খুমটাই ৰাজহ চক্ৰ বিষয়া ড° মণিকা বৰা , চংকলা ৰাজ্যিক পশু চিকিৎসালয় চিকিৎসক ডা বি কে মেহেৰা , কচুপথাৰ পঞ্চায়তৰ সচিব ৰাতুল শইকীয়াই আদি কৰি বিদ্যালয় কেইখনৰ শিক্ষক শিক্ষয়িত্ৰী লগতে পৰিবেশ সচেতন ৰাইজ ।

Related Articles

Leave a Reply

Close