অসম

খুমটাইৰ ৰাজেশ লাহনক ৰাইজৰ সহায়ৰ প্ৰয়োজন

প্ৰথম খবৰ, খুমটাই: শিশু মানেই আলফুল এপাহ ফুলৰ দৰে কোমল সত্তা। শিশুৰ কল্পনাত আছে এখন নিজস্ব জীৱন। শিশু সকলৰ মন এখিলা বগা কাগজৰ দৰে সুন্দৰ, কোমল পবিত্ৰ আৰু নিষ্কলুষ। শিশু সকলক যিদৰেই গঢ় দিয়া হয় সেইদৰেই গঢ় লয়। কিন্তু আজি আপোনালোকৰ আগত ক’ব বিচাৰিছো গোলাঘাট জিলাৰ খুমটাই বিধানসভা সমষ্টি অন্তৰ্গত বৰাহী চংকলা গাঁৱৰ অতি দৰিদ্ৰ পৰিয়ালৰ ৰাজেশ লাহন নামৰ এটি ১৩ বছৰীয়া বিকলাংগ শিশু কথা। পিতৃ বোধেন লাহন , জীৱিকা দিন হাজিৰা। মাতৃ সৰুতেই ঢুকাল। মাতৃহাৰা ৰাজেশ লাহনৰ পিতৃয়ে বহু কষ্টৰে ঘৰখনৰ ৪ টা সন্তানক পোহপাল দি আহিছে। এতিয়া কনিষ্ঠ পুত্ৰ ৰাজেশ লাহনক লৈ চিন্তিত দুৰ্ভগীয়া পৰিয়ালটো। কাৰণ ৰাজেশৰ জন্মৰ পৰাই দুয়োটা ভৰি বিকল। পখিলা খেদাৰ বয়সত লগৰীয়া সৈতে খেলাধূলা কৰিবলৈ মন কৰা ৰাজেশে খেলিব নোৱাৰে দুই ভৰি বিকলৰ বাবে। ৰাজেশৰ পিতৃয়ে অন্য কেইটা ল’ৰা ছোৱালীৰ বাবে দিন হাজিৰা কৰিব লগা হোৱাত কেতিয়াবা ৰাজেশক চোৱা চিতা বহু অসুবিধা হয়। পিতৃয়ে ৰাজেশক স্থানীয় এখন প্ৰাথমিক বিদ্যালয়ত নাম লগাই দিছে যদিও কেতিয়াবা কামৰ তাৰনাত স্কুল থৈ অহাত অসুবিধাৰ সৃষ্টি হয় আৰু তেতিয়া ৰাজেশে দুই আঠুৱে চুচৰি চুচৰি বোকাময় ৰাষ্টা পাৰ হৈ এখন ভগ্নপ্ৰায় হুইল চেয়াৰত বিদ্যালয়ত উপস্থিত হয়। আজি ‘প্ৰথম খবৰ’ৰ আগত কনমানি ৰাজেশে দেউতাকে কান্দি কান্দি কয় যে তাৰ স্কুল যাবলৈ বৰ মন কিন্তু সি নোৱাৰে। ঘৰৰ পৰা বেলেগৰ সহায় নোলোৱাকৈ ঘৰৰ পৰা স্কুল বা বেলেগলৈ যাবলৈ। তাৎপৰ্যপূৰ্ণ কথা যে আজিলৈকে দৰিদ্ৰ সীমাৰেখাৰ তলৰ লোকলৈ চৰকাৰে আগবঢ়োৱা চাউল এমুঠি বাহিৰে কোনো চৰকাৰী আচঁনিৰ সুবিধা পোৱা নাই দুৰ্ভগীয়া পৰিয়ালটোৱে। দুৰ্ভগীয়া পৰিয়ালটোৱে পোৱা নাই চৰকাৰী আৱাস যোজনা গৃহ, নাই অনাময় আচঁনিৰ শৌচাগাৰ, নাই বিজুলী বাতিৰ ব্যৱস্থা, নাই বিশুদ্ধ খোৱা পানী ব্যৱস্থা । এক অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰিছে বিকলাংগ ৰাজেশৰ লগতে পৰিয়ালটোৱে। স্থানীয় পঞ্চায়তৰ প্ৰতিনিধি, স্থানীয় বিধায়ক অথবা সাংসদৰো কৃপাদৃষ্টি পৰা নাই দুৰ্ভগীয়া পৰিয়ালটোৰ ওপৰত । সেইয়েহে আজি ‘প্ৰথম খবৰ’ৰ আগত কান্দি কান্দি বিকলাংগ ৰাজেশৰ চিকিৎসা আৰু শিক্ষাৰ বাবে ৰাইজৰ অকনমান মৰম আৰু সহায় বিচাৰিছে দেউতাকে। আপুনিও যদি নিজ চকুৰে কনমানি ৰাজেশ ঘৰটো দেখে বা ৰাজেশৰ কথা শুনে হয়তো মোৰ দৰে আপোনালোকৰো চকুলো বৈ উঠিব । একেটা কোঠাতে খোৱা বোৱা কৰে আৰু শুৱে পঢ়ে । কি যে পৰিবেশ। আহক আমি সকলোৱে মিলিজুলি দুৰ্ভগীয়া কনমানি ৰাজেশ লাহনক সহায় কৰো ।

( শ্ৰী ৰাজেশ লাহন
বয়স – ১৩ বছৰ ।
পিতৃ – শ্ৰী বোধেন লাহন ।
গাওঁ- বৰাহী চংকলা
ডাক – খুমটাই ।
দেউতাকৰ খুমটাই শাখাৰ ইউনাইটেড বেংকৰ একাউণ্ট নং – ১৭৮৩০১০০৫৩৩৫৮ ।

Related Articles

Leave a Reply

Close