অসম

খেৰণিৰ আম-পথাৰত পথ দুৰ্ঘটনা: গুৰুতৰভাৱে আহত এজন

প্ৰথম খবৰ,খেৰণি: পশ্চিম কাৰ্বি আংলঙৰ খেৰণি থানাৰ অন্তৰ্গত আম-পথাৰত আজি সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা৷ খেৰণিৰ পৰা জেংখা অভিমুখে গৈ থকা এখন অট’ আৰু বিপৰীত দিশৰ পৰা অহা এখন মেজিকৰ মাজত সংঘটিত হয় ভয়াৱহ মুখামুখী সংঘৰ্ষ৷ সংঘটিত সংঘৰ্ষত অট’ চালক ৰাজু ৰংফাৰ কথমপি প্ৰাণ ৰক্ষা পৰে যদিও গুৰুতৰভাৱে আহত হয় অট’ চালক গৰাকী৷ খেৰণি চিকিৎসালয়ত বৰ্তমান চিকিৎসাধীন অৱস্থাত আছে ৰাজু আৰু উন্নত চিকিৎসাৰ বাবে খেৰণিৰ পৰা অন্য চিকিৎসালয়লৈ নিয়াৰ পৰামৰ্শ চিকিৎসকৰ৷ ৰাজু ৰংফাৰৰ ঘৰ খেৰণিৰ সৰু মাটিখোলাৰ বুলি জানিব পৰা গৈছে৷ দুৰ্ঘটনাগ্ৰস্ত হোৱা অট’খনৰ নম্বৰ হ’ল এ এছ ০৯ চি ৯৮৭০ আৰু মেজিকখনৰ নম্বৰ হ’ল এ এছ ০১ চি চি ০৬৩৮৷

Related Articles

Leave a Reply

Close