Uncategorizedঅসম

গহপুৰত কৃতীমানক সম্বৰ্ধনা – অভিনন্দন অনুষ্ঠান

নিউজ ডেস্ক, প্ৰথম খবৰ – সাহিত্য সংস্কৃতি বিকাশ কেন্দ্ৰ, গহপুৰৰ উদ্যোগত গহপুৰ টাউন কলেজৰ প্ৰেক্ষাগৃহত আয়োজিত বিশেষ অনুষ্ঠানত গহপুৰৰ অৱসৰপ্ৰাপ্ত শিক্ষক- শিক্ষয়ত্ৰী সকলক সম্বৰ্ধনা আৰু হাইস্কুল শিক্ষান্ত পৰীক্ষা/ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ ছাত্র ছাত্রীক অভিনন্দন জনোৱা হয়। গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানটোত বি টি এ ডিৰ যুটীয়া সচিব দীনেশ বড়ো, বিশ্বনাথৰ কৰ অধীক্ষক খগেন শৰ্মা, গহপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা দীপা বৰুৱা, গহপুৰ ছোৱালী হাইস্কুলৰ প্ৰধান শিক্ষক চিদানন্দ হাজৰিকা, গহপুৰ নগৰ সমিতিৰ সভানেত্ৰী লীনা শইকীয়া বৰা, অৰুণাচল লিটাৰেৰী ছ’চাইটিৰ সহকাৰী সম্পাদক মুকুল পাঠক আদি উপস্থিত থাকে।

Related Articles

Leave a Reply

Close