অসমগুৱাহাটীশীৰ্ষ

গুৱাহাটীত আকৌ ভয়াৱহ বান, এজনৰ মৃত্যু

নিউজ ব্যুৰ’, প্ৰথম খবৰ:
পুনৰ বিভীষিকা হৈ আহিল গুৱাহাটীৰ বৰষুণ৷ নিশাৰ বৰষুণৰ পিছত জলমগ্ন হৈ পৰিল গুৱাহাটী৷ জুৰোডত পুনৰ বিদ্যুৎপৃষ্ট হৈ মুখত পৰিল এজন সাতাইশ বছৰীয়া যুৱক৷ যোৱাটো সপ্তাহৰ পূৰ্বে বিদ্যুৎপৃষ্ট হৈ দুজন লোক নিহত হোৱা স্থানৰ সমীপতে মৃত্যুমুখত পৰে জুৰোড তিনিআলিৰ এজন কেএফচিৰ কৰ্মচাৰী৷ ডিমু বাহাৰঘাটৰ বাসিন্দা যুৱকজনৰ নাম দুলাল মালাকৰ৷ প্ৰতিষ্ঠানটোৰ টি চাৰ্ট পৰিহিত অৱস্থাত মৃতদেহ উদ্ধাৰ হোৱা এই যুৱকজনে নবীন নগৰত থাকি কাম কৰিছিল প্ৰতিষ্ঠানটোত৷ সদ্য বিবাহিত যুৱকজনৰ অকাল মৃত্যুৰ পিছত প্ৰশ্ন উঠিছে- গুৱাহাটী মহানগৰীতে যদি মৃত্যু এনেকৈ সুলভ হৈ পৰে, ৰাজ্যৰ আন ঠাইত কি হ’ব পাৰে? মৃতদেহ উদ্ধাৰ হোৱা স্থানত আৰক্ষীও পলমকৈ উপস্থিত হোৱাৰ অভিযোগ কৰিছে একাংশ স্থানীয় লোকে৷

Related Articles

Leave a Reply

Close