গুৱাহাটীশীৰ্ষ

গুৱাহাটীত কৃত্ৰিম বান, নেৰানেপেৰা বৰষুণত জলমগ্ন ৰাজপথ

 

নিউজ ব্যুৰ’, গুৱাহাটীঃ নেৰানেপেৰা বৰষুণত আকৌ জলমগ্ন গুৱাহাটী। বৰষুণ আহিলেই জলমগ্ন হোৱাৰ পৰম্পৰা অক্ষুন্ন ৰাখি কৃত্ৰিম বানত আকৌ বুৰ গ’ল মহানগৰীৰ একাংশ অঞ্চল। অনিল নগৰ, নবীন নগৰ, কেডাৰ ৰোড আদিৰ উপৰিও গণেশগুৰিৰ জিএছ ৰোডৰ একাংশ, অম্বিকাগিৰীৰ নগৰৰ পৰা জু তিনি আলি পৰ্যন্ত জুৰোড, চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱ পৰ্যন্ত একাংশ এলেকা, হাতীগাঁৱৰ লখিমী নগৰ পথ, হেঙেৰাবাৰীৰ কেইবাটাও উপপথ, ভিআইপি ৰোডৰ ছয়মাইলৰ পৰা প্ৰতীক্ষা হাস্পতালৰ ওচৰলৈ কিছু অংশত দেখা গৈছে কৃত্ৰিম বান। ধাৰাসাৰে বৰষুণ দি থকাৰ ফলত ভৰলু, বাহিনী আদি নৈসমূহেও পানী বহন কৰিব পৰা নাই। প্ৰশাসনৰ ফালৰ পৰা ভৰলুত পানীৰ পাম্প বহুওৱা হৈছে যদিও অব্যাহত আছে কৃত্ৰিম বান। অৱশ্যে, বৰষুণ হ্ৰাস পালে এঘণ্টাৰ ভিতৰতে নোহোৱা হ’ব জিএছ ৰোড আৰু জুৰোডৰ পানী।

Related Articles

Leave a Reply

Close