অসম

গোলাঘাটৰ বগীজান আৰক্ষীৰ কীৰ্তি ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা আৰু চাইকেল প্ৰদান

প্ৰথম খবৰ,মূৰফুলনি: গোলাঘাট জিলাৰ বগীজান আৰক্ষী থানা আৰু থানা সমিতিৰ উদ্যোগত থানা প্ৰাঙ্গনত আজি এক সম্বৰ্ধনা অনুস্থান অনুস্থিত হয় ৷ অনুস্থানত এই বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা অঞ্চলটোৰ ৪৬ গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয় ৷ সম্বৰ্ধনা অনুস্থানৰ লগত সংগতি ৰাখি থানা প্ৰাঙ্গনত আয়োজন কৰা সভাত সভাপতিত্ব কৰে থানা সমিতিৰ সভাপতি থানেশ্বৰ হাজৰীকাই ৷ থানা সমিতিৰ সম্পাদৰ অৰুপ পূজাৰীয়ে আঁত ধৰা অনুস্থানটোত বগীজান থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰাজীৱ গোঁহাই,প্ৰাক্তন প্ৰধান শিক্ষকদ্বয় ক্ৰমে বিৰেন্দ্ৰনাথ শৰ্মা,বুধিন্দ্ৰনাথ বৰতামূলী,ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ দয়ানাথ ভট্ট,স্থানীয় কেইবাখনো বিদ্যালয়ৰ বিদ্যালয় প্ৰধান,বহুকেইগৰাকী প্ৰাক্তন শিক্ষক,স্থানীয় বাগিছা কৰ্তৃপক্ষ,পঞ্চায়ত প্ৰতিনিধি,স্থানীয় ব্যৱসায়ীৰ লগতে বহুকেইগৰাকী অন্য গন্য মান্য ব্যক্তি উপস্থিত থাকে ৷অনুস্থানতে ফলঙনি বাপুজী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী যুগমী বৰাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ৷ মাত্ৰ কেইটামান নম্বৰৰ কাৰনে স্থান লাভৰ পৰা বঞ্চিত হোৱা যুগমীয়ে গোলাঘাট জিলাৰ ভিতৰতে এইবৰ্ষত হাইস্কুল শ্ক্ষান্ত পৰীক্ষাত সৰ্ব্বোচ্চ নম্বৰ লাভ কৰিছে ৷ আনহাতে ছাত্ৰ-ছাত্ৰীসকলক মানপ্ৰত্ৰ,ফুলাম গামোচা,জাপি আৰু একোখনকৈ অভিধানেৰে সম্বৰ্ধনা জনোৱা হয় ৷

চাইকেল বিতৰণ:— অন্যহাতে আজিৰ অনুস্থানতে বগীজান আৰক্ষীয়ে এক প্ৰশংসনীয় কাৰ্যসূচী গ্ৰহন কৰে ৷অনুস্থানৰ সামান্তৰালভাৱে এই বৰ্ষত অঞ্চলটোৰ পৰা প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা আৰ্থিকভাৱে দুৰ্বল ১০ গৰাকী ছাত্ৰ-ছাত্ৰীক একোখনকৈ চাইকেল প্ৰদান কৰা হয় অনুস্থানটোতে ৷বৃহত্তৰ অঞ্চলটোৰ প্ৰায় চাৰি শতাধিক লোক উপস্থিত থকা অনুস্থানটোত গোলাঘাট জিলা সাংবাদিক সন্থাৰ সভাপতি বিকাশ শৰ্মাৰ লগতে উপস্থিত বিভিন্নজনে ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি বক্তব্য আগবঢ়ায় ৷ যোৱা বৰ্ষটো এনেদৰে থানাত সম্বৰ্ধনা অনুস্থিত হোৱাৰ লগতে বগীজান থানা,ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰাজীৱ গোঁহাই আৰু থানা সমিতিৰ এইবাৰো লোৱা এনেধৰনৰ পদক্ষেপক অঞ্চলবাসী ৰাইজে আদৰনি জনাইছে ৷

Related Articles

Leave a Reply

Close