অসম

গোসাঁইগাঁৱৰ সাপকাটাত ১৬২ সংখ্যক জাতীয় সংহতি দিৱস

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি গোসাঁইগাঁও মহকুমাৰ সাপকাটাস্থিত জুডাছি ক্লাৱ প্ৰাঙ্গনত দিনজুৰা কাৰ্যসূচীৰে ১৬২ সংখ্যক চাওতাল জাতীয় সংহতি দিৱস( হুল দিৱস)পালন কৰে ছাত্ৰ সংগঠনটোয়ে। ১৮৫৫ চনৰ ৩০ জুনত ব্ৰিটিছৰ সৈৰাচাৰী শাসনৰ বিৰুদ্ধে চাওতাল সকলে বিদ্ৰোহ ঘোষণা কৰি দুবছৰ ধৰি ব্ৰিটিছৰ অত্যাচাৰ বিৰুদ্ধে চাওতাল বীৰ ছিধু- কানহুৰ নেতৃত্বত তীব্ৰ সংগ্ৰাম গঢ়ি তুলিছিল। সেই সংগ্ৰামত ব্ৰিটিছৰ ব্যাপক ক্ষতি সাধন হোৱাৰ লগতে বহুতো চাওতাল বীৰ- বীৰাংগনাই ব্ৰিটিছৰ বিৰুদ্ধে যুঁজ দি ছহিদ হ’বলগা হৈছিল। তেতিয়াৰে পৰাই সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমৰ চাওতাল সকলে ঐতিহাসিক ৩০ জুন দিনটোক জাতীয় সংহতি দিৱস হিচাপে পালন কৰি আহিছে। আজি ৰাতিপুৱা ৮•০০ বজাত পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰে আছাৰ কোকৰাঝাৰ জিলা সমিতিৰ সভাপতি শেফানুৱেল মাৰ্ডীয়ে। পাছত ৯•০০ বজাত শ্বহীদ তৰ্পন আৰু ১০•০০ বজাত তীৰন্দাজী প্ৰতিযোগিতা অনুষ্ঠিত হয়। দিনৰ ১•৩০ বজাত অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত উপস্থিত বিশিষ্ট ব্যক্তি সকলে ছিধু-কানহুৰ বীৰত্ব সম্পৰ্কে বিতংকৈ আলোচনা কৰে।

Related Articles

Leave a Reply

Close