অসম

গোসাঁইগাঁৱৰ ৰেষ্টক পুৰত চাওতাল টাইগাৰ ফৰ্চৰ ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

প্ৰথম খবৰ, শ্ৰীৰামপুৰ: অসমত বসবাস কৰা চাওতাল তথা আদিবাসী সকলৰ ন্যাৰ্য প্ৰাপ্তি তথা জনগোষ্ঠীটোৰ বিভিন্ন সমস্যা সমাধানৰ কথা চিন্তা কৰি একাংশ চাওতাল যুৱকে ২০০৫ চনৰ ৩০ জুনত হাতত অস্ত্ৰ তুলি লৈছিল আৰু চাওতাল টাইগাৰ ফৰ্চ নামৰ সশস্ত্ৰ সংগঠনটোৰ জন্ম দিছিল। দীৰ্ঘ ৮ বছৰ সশস্ত্ৰ সংগ্ৰাম চলোৱাৰ পাছত ২০১২ চনত জাতীয় স্বাৰ্থত সংগঠনটোয়ে চৰকাৰৰ লগত আলোচনা মৰ্মে অস্ত্ৰ সম্বৰণ কৰিছিল। কিন্তু আজিলৈক চৰকাৰে আদিবাসী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু সমস্যা সমাধানৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি এছ টি এফৰ মুখ্য উপদেষ্টা অৰ্জুন সিঙ মাৰাণ্ডীয়ে আক্ষেপ কৰে। আজি ১৩ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন কৰি সংগঠনটোৰ মুখ্যসেনাধ্যক্ষ ছিধু কিস্কুৱে অতিশীঘ্ৰে আদিবাসী সকলৰ জনজাতিকৰণ আৰু এছ টি এফৰ কেডাৰ সকলৰ সংস্থাপনৰ দাবী জনায়।

Related Articles

Leave a Reply

Close