অসমশীৰ্ষ

গোৰেশ্বৰত আটক এন ডি এফ বিৰ কেডাৰ

প্ৰথম খবৰ, গোৰেশ্বৰ: গোৰেশ্বৰত আটক এন ডি এফ বিৰ দুৰ্ধৰ্ষ কেডাৰ বিজয় বডো (২৮) উৰফে বি বুকৰোব। গোপন সূত্ৰৰ পম খেদি মাহাৰ ৰেজিমেণ্টৰ সেনাই আটক কৰিলে উগ্ৰপন্থীজনক।মহৰিপাৰাৰ পুখুৰিপাৰ গাঁৱৰ স্বৰ্গীয় কুলাৰাম বডোৰ পুত্ৰ বি বুকৰোবক নিশা সেনাই আটক কৰিলেও পুৱাৰ ভাগত পুখুৰীপাৰ বাসগৃহৰ পৰা এটি ৯এমএম পিষ্টল, ৬ ৰাউণ্ড গুলি উদ্ধাৰ কৰে। ৰঙিয়াৰ পৰা গোৰেশ্বৰলৈ নিশা আহি থাকোতে সেনাবিহিনীৰ জোৱানে খাপ পিতি আটক কৰে এন ডি এফ বিৰ সদস্যজনক। এন ডি এফ বিৰ ৰঞ্জন দৈমাৰী গোটৰ সদস্য হলেও দীৰ্ঘদিন ধৰি সংবিজিত পন্থীৰ হৈ কাম কৰি আহিছিল সদস্যজন। ১৩ ধন দাবী ঘটনা, অবৈধ মাৰনাস্ত্ৰ লৈ ভাবুকি প্ৰদান কৰা আদি বিভিন্ন ঘটনাৰ সৈতে জড়িত উগ্ৰপন্থীজন বাকসা জিলাৰ আৰক্ষীৰ মূৰৰ কামোৰণি হৈ পৰিছিল। শেহতীয়াভাৱে বাংগালোৰুত আত্মগোপন কৰি সেনা আৰক্ষীৰ পৰা নিৰাপদ দূৰত্বত থাকিলেও অৱশেষত আটক হয় বি বুকৰোব। সেনা আৰক্ষীৰ মোষ্ট ৱানটেড আছিল বি বুকৰোবৰ আটক এক উল্লেখযোগ্য সফলতা।

Related Articles

Leave a Reply

Close