অসম

গোৱালপাৰাৰ সীমান্তত ধৃত আলফাৰ ২ লিংকমেন

প্ৰথম খবৰ, কৃষ্ণাই: গোৱালপাৰা জিলাৰ অসম- মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত সেনা আৰু আৰক্ষীয়ে উগ্ৰপন্থী অভিযান তীব্ৰতৰ কৰি তুলিছে ৷ যোৱানিশা সীমান্তৰ নাকাতিপাৰা আৰু খাৰদাং অঞ্চলতো সেনা- আৰক্ষীয়ে গোপন অভিযান চলায় ৷ এই অভিযান কালতে সেনা আৰক্ষীয়ে দুই আলফাৰ লিংকমেনক আটক কৰা বুলি জানিব পৰা গৈছে। আটকাধীন লিংকমেনদ্বয় হেমজিত ৰাভা আৰু লুটেশ্বৰ ৰাভা বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে ৷ ইয়াৰে হেমজিত ৰাভা পূৰ্বেও বহু অপহৰণ কাণ্ডত জড়িত বুলি আৰক্ষীয়ে দাবী কৰিছে ৷

 

Related Articles

Leave a Reply

Close